কামপুৰ, 20 জুন : দেওবাৰে নিশা কামপুৰত শোকাৱহ অঘটন ৷ বাঢ়নী পানীত উটি গ'ল কৰ্তব্যৰত দুই আৰক্ষী (Police person died at kampur) ৷
নিশা এটা গোচৰৰ তদন্তৰ বাবে গৈছিল কামপুৰ আৰক্ষীৰ(Kampur police station) এটা তিনিজনীয়া দল ৷ কামপুৰ থানাৰ সমীপৰে মধুপুৰ অঞ্চলত হঠাৎ বাঢ়নী পানীৰ কোবাল সোঁতত পৰি যায় কনিষ্টবল ৰাজীৱ বৰদলৈ । লগেলগে কনিষ্টবলজনক উদ্ধাৰ কৰিবলৈ গৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতীও পানীৰ সোঁতত উটি যায় ৷
পাছত নিশাই কামপুৰৰ ফায়াৰ এণ্ড চাৰ্ভিচ বাহিনীৰ লোকে উদ্ধাৰ অভিযান চলাই মৃত অৱস্থাত ৰাজীৱ বৰদলৈ নামৰ কনিষ্টবলজনক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ সোমাবাৰে পুৱা উদ্ধাৰকাৰী দলে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সমুজ্জ্বল কাকতীৰ মৃতদেহ উদ্ধাৰ কৰে ৷
লগতে পঢ়ক : বন্যজন্তুৰ প্ৰাণ বচাবলৈ গৈ দুৰ্ঘটনাত পতিত বন বিষয়া