কলিয়াবৰ,৬ এপ্ৰিল: সমগ্ৰ দেশতে পুনৰ ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ'ণা মহামাৰীয়ে । বিধানসভা নিৰ্বাচন চলি থকাৰ মাজতে অসমৰো ঠায়ে ঠায়ে কৰ'ণাত আক্ৰান্ত হৈছে বহু লোক । শেহতীয়াকৈ নগাঁও জিলাৰ কলিয়াবৰত একেদিনাই দুজনকৈ ব্যক্তিৰ দেহত ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ।
আক্ৰান্ত ব্যক্তি দুগৰাকী জখলাবন্ধাৰ গৰুবন্ধাৰ বাসিন্দা ইউছুফ বেপাৰী আৰু নাজমিন খাতুন বুলি জানিব পৰা গৈছে । ইতিমধ্যে কলিয়াবৰ মহকুমা প্ৰশাসন তথা স্বাস্থ্য বিভাগে সাৱধানতা অৱলম্বনৰ বাবে ৰাইজক আহ্বান জনাইছে ।
লগতে পঢ়ক: সপৰিয়ালে ভোটদান কৰিলে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে