ETV Bharat / state

থানালৈ উন্নীত হ’ব ৰাজ্যৰ 200 খন আৰক্ষী চকী - Kaliabor police station

200 খন আৰক্ষী চকী উন্নীত হ’ব থানালৈ ৷ উন্নীত হ’বলগীয়া আৰক্ষী চকীসমূহৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰি উলিওৱা হৈছে ৷ বুধবাৰে কলিয়াবৰ আৰক্ষী নিৱেশৰ নৱনিৰ্মীত ভৱন উদ্ধোধন কৰি এই কথা জানিবলৈ দিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷

Upgradation to police station in Assam
কলিয়াবৰ আৰক্ষী নিৱেশৰ নৱনিৰ্মীত ভৱন উদ্ধোধন কৰে আৰক্ষী সঞ্চালক প্ৰধানে
author img

By

Published : Jun 15, 2022, 7:15 PM IST

কলিয়াবৰ, 15 জুন: ৰাজ্যৰ 200 খন আৰক্ষী চকী উন্নীত হ’ব থানালৈ ৷ এই কথা বুধবাৰে জানিবলৈ দিয়ে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৷ থানালৈ উন্নীত হ’বলগীয়া 200 খন আৰক্ষী চকীৰ তালিকা ইতিমধ্যে প্ৰস্তুত কৰি উলিয়াইছে গৃহ বিভাগে (Upgradation to police station in Assam) ৷

মৈত্ৰী আঁচনিৰ দ্বাৰা ৰূপায়িত কলিয়াবৰ আৰক্ষী নিৱেশৰ নৱনিৰ্মিত ভৱন উদ্ধোধন কৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই (Moitri scheme at Kaliabor)। ১৯০৪ চনত ব্ৰিটিছৰ দিনতে স্থাপিত কলিয়াবৰ আৰক্ষী থানাক(Kaliabor police station) নতুন ৰূপ দিলে ৰাজ্য চৰকাৰে ।

কলিয়াবৰ আৰক্ষী নিৱেশৰ নৱনিৰ্মীত ভৱন উদ্ধোধন কৰে আৰক্ষী সঞ্চালক প্ৰধানে

কলিয়াবৰ আৰক্ষী নিৱেশৰ প্ৰতিটো কোঠাতে প্ৰৱেশ কৰি নৱনিৰ্মিত ভৱনটো পৰ্যবেক্ষণ কৰাৰ লগতে আৰক্ষীৰ কাম-কাজৰ বুজ লয় আৰক্ষী সঞ্চালক প্ৰধান মহন্তই(DGP Bhaskar Jyoti Mahanta) ।‘মৈত্ৰী আঁচনি'ৰ অধীনত অসম চৰকাৰে ৰাজ্যৰ আৰক্ষী থানাসমূহৰ আধুনিকীকৰণৰ দ্বাৰা জনগণৰ বাবে সুশাসন ব্যৱস্থা গঢ় দিয়াৰ উদ্দেশ্যৰে কলিয়াবৰ থানাক নতুন ৰূপ দিয়া হৈছে ।

'মৈত্ৰী আঁচনি'ৰ অধীনত অসমৰ আৰক্ষী থানাসমূহৰ আধুনিকীকৰণে আৰক্ষী-জনসাধাৰণৰ মাজৰ সম্পৰ্ক তথা সুশাসন ব্যৱস্থাক এক নতুন গতি দিয়াৰ লক্ষ্য চৰকাৰৰ । অসম চৰকাৰ দ্বাৰা অনুমোদিত "মৈত্ৰী" আঁচনি অন্তৰ্গত কলিয়াবৰ থানাই কলিয়াবৰলৈ এক সুন্দৰ পৰিৱেশ আনিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে ডিজিপি ভাস্কৰজ্যোতি মহন্তই ।

লগতে পঢ়ক: ভাৰতীয় সেনাত আৰম্ভ 'মিছন অগ্নিপথ'

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.