নগাঁও, ৩ জুন: নগাঁৱৰ তীৰৰ সাম্ৰাজ্য উৎখাতৰ লক্ষৰে অভিযান আৰম্ভ কৰিলে নতুনকৈ যোগদান কৰা আৰক্ষী অধীক্ষক নৱনীত মহন্তই (Anti Gambling game mission in Assam) । বিগত কিছুদিন ধৰি নগাঁৱৰ বিভিন্ন প্ৰান্তত ড্ৰাগছকে ধৰি অন্যান্য অসামাজিক কাৰ্যকলাপৰ লগতে গঢ়ি উঠিছিল তীৰৰ সাম্ৰাজ্য । নগাঁৱৰ অলিয়ে গলিয়ে থকা পান দোকান, তামোলৰ দোকানত উপলব্ধ হৈ পৰিছিল তীৰৰ টিকট । পূৰ্বৰ আৰক্ষী অধীক্ষকৰ কাৰ্যকালতে নগাঁৱত গঢ় লৈ উঠিছিল তীৰৰ সাম্ৰাজ্য । অৱশেষত ড্ৰাগছৰ সমান্তৰালকৈ তীৰৰ বিৰুদ্ধে আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নেতৃত্বত নগাঁও আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে (Gambling game in Nagaon) ।
নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাপে নৱনীত মহন্তই দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিচতেই অবৈধ তীৰ-জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান আৰম্ভ কৰিছে । নগাঁৱত নিষিদ্ধ তীৰ খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান তীব্ৰ হৈ পৰিছে (Gambler arrested in Nagaon)। আৰক্ষীৰ দুৰ্বল ভূমিকাৰ বাবেই বিগত সময়ত নগাঁৱত তীৰৰ বৃহৎ সাম্ৰাজ্য গঢ়ি উঠিছিল । নগাঁৱৰ নতুন আৰক্ষী অধীক্ষৰ নিৰ্দেশতে জিলাখনত তীৰৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰিছে । শেহতীয়াভাৱে তীৰৰ ব্যৱসায়ৰ লগত জড়িত কেইবাজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।
বিগত কেইদিনমানত কেইবাজনো তীৰ ব্যৱসায়ীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে । শুক্ৰবাৰেও নগাঁও চহৰৰ জ্যোতিনগৰ আৰু বৰবজাৰৰ পৰা দুজন তীৰ ব্যৱসায়ৰ লগত জড়িত লোকক নগাঁও সদৰ থানাৰ আৰক্ষীয়ে আটক কৰে । আটক হোৱা লোক দুজন হৈছে বিমল দে আৰু মজিবুৰ ৰহমান । তীৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিলেও তীৰৰ সাম্ৰাজ্যৰ লগত জড়িত ৰৌ-বৰালি এতিয়াও জালত পৰিবলৈ বাকী বুলি চৰ্চিত হৈছে।
উল্লেখযোগ্য যে, ড্ৰাগছৰ সমান্তৰালকৈ তীৰৰ বিৰুদ্ধে আৰম্ভ হোৱা নগাঁও আৰক্ষীৰ অভিযান সম্পূৰ্ণ নিৰ্মূল নোহোৱালৈকে অব্যাহত থাকিব । অৱশ্যে নৱনীত মহন্তৰ নেতৃত্বৰ নগাঁও আৰক্ষীয়ে নগাঁৱক ড্ৰাগছ মুক্ত কৰাৰ লগতে অপৰাধমুক্ত কৰাত কিমান সফল হয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ।
লগতে পঢ়ক:Kanchanjangha summiters from Assam:কাঞ্চনজংঘাৰ শিখৰত উৰিল অসমীয়াৰ মান গামোচা ও দেশৰ ৰাষ্ট্ৰীয় পতাকা