ETV Bharat / state

নগাঁৱত পুনৰ এঘৰীয়া কৰিলে দুই যুৱককঃ অপৰাধ মুৰ্গী পুহিছিল

author img

By

Published : May 22, 2019, 2:07 PM IST

Updated : May 22, 2019, 6:36 PM IST

গুৰুজনাই কৈছিল-এক দেৱ এক সেৱ এক বিনে নাই কেৱ৷ কিন্তু এতিয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নিয়মৰ নামত চলিছে মইমতালি ৷ নিবনুৱা যুৱক স্বাৱলম্বী হোৱাৰ পথত বাধাৰ সৃষ্টি কৰিছে কঠোৰ নীতি নিয়মেৰে ৷ গাহৰি আৰু কুকুৰা পালন কৰি স্বাৱলম্বী হোৱাৰ পথ বাছি লোৱাৰ বাবেই দুটা পৰিয়ালক কৰিলে এঘৰীয়া ৷

Pig Farm

বটদ্ৰৱা, 22 মে': অসমত যেন দিনে দিনে বৃদ্ধি পাইছে ধৰ্মৰ নামত কিছু লোকৰ মইমতালি ৷ কঠোৰ নীতি নিয়মেৰে বাধাৰ সৃষ্টি কৰিছে নিবনুৱা যুৱকক স্বাৱলম্বী হোৱাৰ পথত ৷

এঘৰীয়া কৰিলে দুই যুৱকক

গুৰুজনাই কৈছিল- এক দেৱ এক সেৱ এক বিনে নাই কেৱ ৷ কিন্তু এতিয়া একতাৰ বাণী বিলোৱা গুৰুজনাৰ নামতে চলিছে ধৰ্মৰ মইমতালি ৷ নিবনুৱা যুৱক স্বাৱলম্বী হোৱাৰ পথত বাধাৰ সৃষ্টি কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই ৷ গাহৰি আৰু কুকুৰা পালন কৰি স্বাৱলম্বী হোৱাৰ পথ বাছি লোৱাৰ বাবেই পুনৰ দুটা পৰিয়ালক কৰিলে এঘৰীয়া ৷

ৰাজ্যখনত শিক্ষিত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে একাংশ যুৱকে বাচি লৈছে গাহৰি আৰু কুকুৰা পালনেৰে স্বাৱলম্বী হোৱাৰ পথ। সেই সময়তে শ্ৰীমন্ত শংকৰদেৱ সংঘই যেন বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে। সংঘৰ কঠোৰ নিয়ম নীতিৰ বাবেই একাংশ সংঘৰ বিষয়ববীয়াই এই সকল স্বাৱলম্বী যুৱকক সংঘৰ দোহাই দি কৰিছে সমাজৰ পৰা এঘৰীয়া ।

নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী জাজৰিৰ পাঘালীৰ ৰাজীৱ বৰদলৈ আৰু আৰু বগৰীগুৰিৰ যতীন হীৰা নামৰ যুৱক দুজনে গাহৰি আৰু কুকুৰা পালনেৰে স্বাৱলম্বী হোৱাৰ পথ বাচি লৈছে । এই শিক্ষিত যুৱক দুজনে গাহৰি আৰু কুকুৰা পালন কৰি পৰিয়াল পোহ-পাল দি আহিছে যদিও এতিয়া বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাথমিক শাখা সমূহ । যুৱক দুজনে গাহৰি আৰু কুকুৰা পালন কৰি শংকৰদেৱ সংঘৰ নিয়ম নীতিৰ উলংঘন কৰা বাবেই যুৱক দুজনক এতিয়া নিষিদ্ধ কৰিলে গাঁৱৰ সমাজৰ পৰা । যাৰ বাবে এতিয়া তেওঁলোক সমাজৰ পৰা হৈ পৰিছে এঘৰীয়া। যুৱক দুজনৰ চৰকাৰ তথা শংকৰদেৱ সংঘলৈ আহ্বান বিজ্ঞান সন্মতভাৱে পৰীক্ষা কৰি নিবনুৱা সমস্যা দূৰ কৰিবলৈ আমাৰ দৰে শিক্ষত নিবনুৱাক অনুমতি দিয়ক ।

Intro:বটদ্ৰৱাত গাহৰি আৰু কুকুৰা পালন কৰি সমাজৰ পৰা এঘৰীয়া হল দুটাকৈ পৰিয়াল । সংঘৰ নিয়ম নীতিৰ দোহাই দি নিসিদ্ধ কৰিলে সমাজৰ সকলো কাম কাজৰ পৰা ।Body:ৰাজ্য খনত শিক্ষিত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ ধাৰন কৰা সময়তে একাংশ যুৱকে বাচি লৈছে গাহৰি আৰু কুকুৰা পালনেৰে স্বাৱলম্বী হোৱাৰ পথ । সেই সময়তে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই যেণ বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে । সংঘৰ কঠোৰ নিয়ম নীতিৰ বাবেই একাংশ সংঘৰ বিষয় ববীয়াই এই সকল স্বাৱলম্বী যুৱক সকলক সংঘৰ দোহাই দি কৰিছে সমাজৰ পৰা এঘৰীয়া । সমাজৰ সকলো কাম কাজৰ পৰা বিৰত থাকিব লগীয়া হোৱাত মনোবল হেৰাই যোৱাৰ উপক্রম হৈছে এই সকল যুৱক । তেনে দুজন যুৱক নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী জাজৰিৰ পাঘালীৰ ৰাজীব বৰদলৈ আৰু আৰু বগৰীগুৰিৰ যতীন হীৰা ৷ এই শিক্ষিত যুৱক দুজনৰ অপৰাধ তেওঁলোকে গাহৰি আৰু কুকুৰা পালনেৰে স্বাৱলম্বী হোৱাৰ পথ বাচি লৈছে । এই শিক্ষিত যুৱক দুজনে গাহৰি আৰু কুকুৰা পালন কৰি পৰিয়াল পোহ-পাল দি আহিছে যদিও এতিয়া বাধাৰ প্ৰাচীৰ হিচাপে থিয় দিছে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ প্ৰাথমিক শাখা সমূহে । যুৱক দুজনে গাহৰি আৰু কুকুৰা পালন কৰি শংকৰদেৱ সংঘৰ নিয়ম নীতিৰ উলংঘন কৰা বাবেই যুৱক দুজনক এতিয়া নিষিদ্ধ কৰিলে গাঁৱৰ সমাজৰ পৰা । যাৰ বাবে এতিয়া তেওঁ লোক সমাজৰ পৰা হৈ পৰিছে এঘৰীয়া । যুৱক দুজনৰ চৰকাৰ তথা শংকৰদেৱ সংঘলৈ আহ্বান বিজ্ঞান সন্মত ভাৱে পৰিক্ষা কৰি নিবনুৱা সমস্যা দূৰ কৰিবলৈ আমাৰ দৰে শিক্ষত নিবনুৱাক দিয়ক অনুমতি ।___________________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
Last Updated : May 22, 2019, 6:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.