ETV Bharat / state

আৰক্ষীক আক্ৰমণৰ অভিযোগত আটক দুই যুৱক

author img

By

Published : Nov 7, 2020, 12:48 PM IST

মৰিকলং আৰক্ষীৰ ওপৰত কৰা আক্ৰমণৰ ঘটনাৰ তদন্ত আৰম্ভ নগাঁও আৰক্ষীৰ । আক্ৰমণত জড়িত থকাৰ অভিযোগত আটক দুজনকৈ যুৱক ।

two arrested accused of police attacked in nagaon assam etv bharat news
আৰক্ষীক আক্ৰমণৰ অভিযোগত আটক দুই যুৱক

নগাঁও,7 নৱেম্বৰ: শুকুৰবাৰে নগাঁৱত সংঘটিত আৰক্ষী আক্ৰমণৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷ ইতিমধ্যে ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত নগাঁও আৰক্ষীয়ে আটক কৰিছে দুজনকৈ যুৱকক ৷ ধৃত যুৱক দুজন পাৰভেজ আলী আনচৰী আৰু ইজাজ খান ৷ আটকাধীন যুৱক দুজন কংগ্ৰেছৰ ভাতৃ সংগঠন এনএছইউআই-ৰ সৈতে জড়িত বুলি বিশেষ সূত্ৰে জানিব পৰা গৈছে ৷

আৰক্ষীক আক্ৰমণৰ অভিযোগত আটক দুই যুৱক

উল্লেখ্য যে, শুকুৰবাৰে সন্ধিয়া আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত উপযুক্ত নথি-পত্ৰ নথকাৰ অভিযোগত আৰক্ষীয়ে ৰে’ল ষ্টেচনৰ সমীপৰ পৰা এখন স্কুটি জব্দ কৰিছিল ৷ আৰক্ষীৰ এই কাৰ্যত ক্ষুণ্ণ হৈ প্ৰায় 4-5 জনীয়া যুৱকৰ এটা দলে আক্ৰমণ কৰিছিল কৰ্তব্যৰত আৰক্ষীক ৷ মৰিকলং আৰক্ষী চকীত উপস্থিত হৈ যুৱকৰ দলটোৱে আৰক্ষীক আক্ৰমণ চলোৱাৰ উপৰিও আৰক্ষীৰ বাহনৰো ক্ষতিসাধন কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে লাঠিচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছিল ৷

লগতে চাওকঃ আৰক্ষী চকীত প্ৰৱেশ কৰি আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.