ETV Bharat / state

বিভাগৰ অৱহেলা:বিতৰণৰ‌‌ পূৰ্বেই জহি-খহি গ'ল ট্ৰাই চাইকেল

নগাঁও সমাজ কল্যাণ বিভাগৰ অৱহেলাৰ বাবে জহি-খহি গৈছে বহুসংখ্যক ট্ৰাই-চাইকেল । বিতৰণৰ অভাৱত নগাঁৱৰ চামগুৰিৰ বাজিয়াগাওঁ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ চৌহদত পৰি ৰৈছে ট্ৰাই-চাইকেলসমূহ ।

author img

By

Published : Aug 26, 2021, 4:02 PM IST

tri cycle damage
সমাজ কল্যাণ বিভাগৰ অৱহেলা

চামগুৰি,২৬ আগষ্ট : নগাঁও সমাজ কল্যাণ বিভাগৰ (Social Welfare department) কৰ্মকাণ্ডই এতিয়া চকু কপালত তুলিছে বিভিন্নজনৰ । বিভাগটোৰ হেমাহিৰ বাবে জহি-খহি গৈছে বিশেষভাৱে সক্ষম লোকৰ বাবে চৰকাৰে প্ৰদান কৰা বহু ট্ৰাই-চাইকেল । বিতৰণৰ অভাৱত নগাঁৱৰ চামগুৰিৰ বাজিয়াগাওঁ শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ৰ চৌহদত পৰি ৰৈছে কেইবাখনো ট্ৰাই-চাইকেল ।

বিশেষভাৱে সক্ষম লোকসকলৰ বাবে চৰকাৰে প্ৰদান কৰা এই ট্ৰাই চাইকেলসমূহৰ এতিয়া অৱস্থা এয়া । চৰকাৰে ৰাজকোষৰ টকা খৰচ কৰি ট্ৰাই-চাইকেলৰ যোগানৰ বাবে আচঁনি গ্ৰহণ কৰিলে ঠিকেই কিন্তু সমাজ কল্যাণ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰীৰ অৱহেলাৰ বাবেই বিতৰণৰ‌‌ পূৰ্বেই জহি-খহি গৈছে এই সমূহ ট্ৰাই-চাইকেল । মাহৰ পাছত মাহ ধৰি বিষয়া কৰ্মচাৰীসকলে এনেদৰে ৰ'দে-বৰষুণে পেলাই ৰাখিছে ট্ৰাই-চাইকেলসমূহ । ফলত এইসমূহ ট্ৰাই-চাইকেল এতিয়া ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে ।

সমাজ কল্যাণ বিভাগৰ অৱহেলা

যিটো সময়ত বহু বিশেষভাৱে সক্ষম লোকে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই তেনে সময়ত এনেদৰে এই ট্ৰাই-চাইকেলসমূহ জহি-খহি যাবলৈ আৰম্ভ কৰাত এতিয়া ক্ষোভিত হৈ পৰিছে বহু দল-সংগঠন । স্থানীয় লোকৰ অভিযোগ অনুসৰি একমাত্ৰ বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ অৱহেলাৰ বাবে এনেদৰে ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে ট্ৰাই চাইকেলসমূহ । সেয়েহে বিভাগটোৰ এনে কাৰ্যক গৰিহণা দিয়াৰ লগতে বিভাগীয় বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে স্থানীয় লোকসকলে ।

লক্ষণীয়ভাৱে এয়াই প্ৰথম ঘটনা নহয় । সমাজ কল্যাণ বিভাগৰ অৱহেলাৰ বাবে বিভিন্ন সময়ত প্ৰকৃত হিতাধিকাৰী বঞ্চিত হৈছে লগতে চৰকাৰী ধনৰ অপচয় হোৱা দেখা গৈছে । পিছে ৰাইজৰ অভিযোগ, এনে ঘটনাৰ বিষয়ে শীৰ্ষ মহলত অৱগত কৰাৰ পাছতো কিন্তু একাংশ আমোলা বিষয়াৰ বিৰুদ্ধে পদক্ষেপ নলয় চৰকাৰে ।

লগতে পঢ়ক :কয়াকুছিত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.