ETV Bharat / state

ধিঙৰ মুছলেমচৰত ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা:নিহত এজন

author img

By

Published : Apr 7, 2019, 4:24 AM IST

নগাঁও জিলাৰ ধিঙৰ মুছলেমচৰত শনিবাৰে সংঘটিত হয় এক ভয়াৱহ ট্ৰেক্টৰ দুৰ্ঘটনা৷  দুৰ্ঘটনাত থিতাতে নিহত চালক বিল্লাল উদ্দিন আৰু আহত হয় মফিদুল ইছলাম আৰু আজিজুল হক নামৰ দুজন লোক৷

ধিঙৰ মুছলেমচৰত ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা:নিহত এজন

নগাঁও, 7 এপ্ৰিল: নগাঁও জিলাৰ ধিঙৰ মুছলেমচৰত শনিবাৰে সংঘটিত হয় এক ভয়াৱহ ট্ৰেক্টৰ দুৰ্ঘটনা৷ দুৰ্ঘটনাত থিতাতে নিহত চালক বিল্লাল উদ্দিন আৰু আহত হয় মফিদুল ইছলাম আৰু আজিজুল হক নামৰ দুজন লোক৷ পথাৰত হাল বাই থকা অৱস্থাত নিয়ন্ত্ৰন হেৰুৱাই ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিত ট্ৰেক্টৰখন পৰি সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা৷

আহত মফিদুল ইছলাম আৰু আজিজুল হকক সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷ ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে৷

উল্লেখ্য যে কিছু অসাধু ট্ৰেক্টৰ গাড়ীৰ মালিকে কম বয়সীয়া যুৱকক নম্বৰৰ বিহীন গাড়ীসমূহ লাইচেন্স অবিহনেই নগাঁও জিলাৰ পশ্চিমাঞ্চলত চলাবলৈ দিয়াৰ বাবেই সঘনাই এনেধৰণৰ দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ এই সমূহ গাড়ী মালিকক নাকি লগাবলৈ পুলিচ প্ৰশাসন সক্ষম হ'বনে সেইয়া সময়তহে লক্ষণীয় হ'ব৷

Intro:ধিঙৰ মুছলেমচৰত ভয়ংকৰ ট্ৰেক্টৰ দুৰ্ঘটনা । নিহত এজন ।Body:নগাঁও জিলাৰ ধিঙৰ মুছলেমচৰত শনিবাৰে সংঘটিত হয় এক ভয়াৱহ ট্ৰেক্টৰ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত চালক বিল্লাল উদ্দিন আৰু আহত হয় মফিদুল ইছলাম আৰু আজিজুল হক নামৰ লোক দুজন । পথাৰত হাল বাই থকা অৱস্থাত নিয়ন্ত্ৰন হেৰুৱাই ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিত পৰি সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা। আহত মফিদুল ইছলাম আৰু আজিজুল হকক সংকটজনক অৱস্থাত ততাতৈয়াকৈ চিকিৎসালয়লৈ প্রেৰণ কৰে । ইফালে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাৱলৈ কৰিছে প্ৰেৰন । উল্লেখ্য যে কিছু অসাধু টেক্টৰ গাড়ীৰ মালিকে কম বয়সীয়া যুৱকক লাইচেন্স অবিহনেই নগাঁও জিলাৰ পশ্চিমাঞ্চলত নম্বৰৰ বিহীন ভাবেই চলাই আহিছে গাড়ী সমূহ । এই সমূহ গাড়ী মালিকক নাকি লগাবলৈ পুলিচ প্ৰশাসন সক্ষম হবনে সেইয়া সময়হে লক্ষণীয় হব ।____________বটদ্ৰৱাৰ পৰা প্ৰাঞ্জল বৰা ই টি ভি ভাৰত ।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.