ETV Bharat / state

Tourists fall in love with Ambassador Car: এসময়ৰ আভিজাত্যৰ প্ৰতীক এম্বেছাদৰৰ প্ৰেমত বিদেশী পৰ্যটক

author img

By

Published : Feb 24, 2023, 12:30 PM IST

গংগা বিলাসত আহি এসময়ৰ বিলাসী বাহনৰ প্ৰেমত পৰিল বিদেশী পৰ্যটক । বিদেশী পৰ্য‍টকৰ দৃষ্টি কাঢ়িলে এসময়ৰ আভিজাত্যৰ প্ৰতীক তথা বৰ্তমানৰ 'ভিনটেজ কাৰ'খনে । শিলঘাটতত এখন এম্বেছাদৰ বাহনৰ সৈতে দেখা গ’ল দুগৰাকী বিদেশী পৰ্যটক(Tourists Attracted by Ambasador Car at Kaliabor)।

Tourists Attracted by Ambasador Car at Kaliabor
এম্বেছাদৰৰ প্ৰেমত পৰিল বিদেশী পৰ্যটক
এম্বেছাদৰৰ প্ৰেমত পৰিল বিদেশী পৰ্যটক

কলিয়াবৰ, ২৪ ফ্ৰেব্ৰুৱাৰী: এসময়ৰ 'King of Road' এম্বেছাদৰ গাড়ী বুলি ক'লেই এক বেলেগ শিহৰণ অনুভৱ কৰে সেই সময়ৰ লোকসকলে । এসময়ত এই গাড়ীখন ভাৰতীয় লোকৰ অভিজাত‍্যৰ প্ৰতীক আছিল । দেশৰ ৰাষ্ট্ৰপতি, প্ৰধান মন্ত্ৰীকে ধৰি দেশৰ ভি ভি আই পি, ভি আই পি বা সম্ভ্ৰান্ত লোকসকলৰ প্ৰথম পচন্দৰ বাহন আছিল এম্বেছাদৰখন। পিছে সময়ৰ সোঁতত তাহানিৰ আভিজাত‍্যৰ প্ৰতীক এম্বেছাদৰখন পথৰ পৰা নোহোৱা হ'ল ।

এই গাড়ীখনৰ সৈতে আছে বহুতৰে মধুৰ স্মৃতি । কেতিয়াবা ক'ৰবাত দুই-এটা পথত হঠাতে দেখা পোৱা যায় যদিও, আজিৰ অত‍্যাধুনিক বাহনৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ সুচল নহয় এম্বেছাদৰ । এনে এক সম্ভ্ৰান্ত প্ৰতীক এখন এম্বেছাদৰ গাড়ী দেখি শিলঘাটত মোহগ্ৰস্ত হ'ল বিদেশী পৰ্যটক । বৃটিছে স্থাপন কৰা কলিয়বৰৰ ঐতিহাসিক শিলঘাটৰ জাহাজঘাটত বৃহস্পতিবাৰে আহি উপস্থিত হয় বিশ্বৰ আটাইতকৈ দীৰ্ঘ দূৰত্বৰ অত্যাধুনিক নদী ক্ৰু'জ (Longest river cruise in the world) এম. ভি. গংগা বিলাস(MV Ganga Vilas Cruise) ।

এম. ভি. গংগা বিলাসেৰে মুঠ ২৮ জন পৰ্য‍্যটক উপস্থিত হ’লহি শিলঘাটত(MV Ganga Vilas Cruise arrives at Silghat) । শিলঘাটৰ অসম সমবায় মৰাপাট কল আৰু কামখ‍্যা মন্দিৰ পৰিদৰ্শন কৰি উভতি অহাৰ পথৰ দাঁতিত প্ৰত‍্যক্ষ কৰে এখন এম্বেছাদৰ গাড়ী । তাৰে দুগৰাকী পৰ্যটকে গাড়ীখনৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰি বাহনখনৰ বিষয়ে এম্বেছাদৰৰ গৰাকীৰ লগত কথা পাতি গাড়ীখনৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰে । এম্বেছাদৰখনৰ গৰাকীয়ে বাহনখনৰ বিষয়ে আঁতি-গুৰি মাৰি জনোৱাৰ পাছত দুই বিদেশী পৰ্যটকে বাহনখনৰ সৈতে ফটো উঠে(Tourists Attracted by Ambasador Car at Kaliabor) ।

২০০২ চনৰ পৰাই এম্বেছাদৰখন চলাই আহিছে লোকজনে । উল্লেখ্য যে, ২০১৪ চনত এই বাহনখনৰ নিৰ্মাণ বন্ধ কৰি দিয়া হৈছিল । ১৯৫৭ চনত স্থাপন হোৱা হিন্দুস্তান মটৰ্ছে নিৰ্মাণ কৰি উলিওৱা এম্বেছাদৰে ১৯৭০ চনত ভাৰতৰ গাড়ী বজাৰৰ ৭৫% ভাগ হিন্দুস্তান মটৰ্ছৰ আছিল । মাৰুতি ৮০০ ৰ দৰে কম দামী গাড়ী বজাৰত প্ৰৱেশ কৰাৰ লগে লগে এম্বেছাদৰ গাড়ীৰ বজাৰ অংশীদাৰীত্ব কমি যায় । এইচ এম এফ চি আইৰ মালিকানাধীন এম্বেছাদৰ নিৰ্মাণৰ এই কাৰখানাটো বৰ্তমান চি কে বিৰলা গ্ৰুপ, এইচ এম এফ চি আইৰ অংশ বুলি জনা যায় ।

দ্ৰুত পৰিৱৰ্তনশীল প্ৰযুক্তিৰ সৈতে খাপ খাব নোৱাৰাটোও এম্বেছাদৰ বজাৰৰ পৰা আঁতৰি যাবলগীয়া হোৱাৰ এটা কাৰণ আছিল । শেহতীয়াকৈ, এম্বেছাদৰখন পুনৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে নিৰ্মাণ প্ৰতিষ্ঠানটোৱে ।

লগতে পঢ়ক: Flipkart cheating customers: Flipkart ৰ বহুৱামি; বৈদ্যুতিক মটৰৰ পৰিৱৰ্তে বক্সত আহিল ইটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.