ETV Bharat / state

7 বজাৰ শীৰ্ষ 10 টা বাতৰি - ETV Bharat Top ten news

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

ETV Bharat top news
7 বজাৰ শীৰ্ষ 10 টা বাতৰি
author img

By

Published : Mar 21, 2022, 7:05 PM IST

Police assaulting civilian in Guwahati: জামিন লাভ কৰিলে বিকি প্ৰসাদ গুপ্তাই

গুৱাহাটীৰ পল্টন বজাৰ কাণ্ডৰ ভুক্তভোগী বিকি গুপ্তাৰ জামিন মঞ্জুৰ কৰা হৈছে ৷ কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰিলে বিকি গুপ্তাৰ ।

হৰ্ছ ট্ৰেডিঙক লৈ উত্তাল বিধানসভা : বিৰোধীৰ ঐক্যবদ্ধ প্ৰতিবাদ

শাসক পক্ষই হৰ্ছ ট্ৰেডিং চলোৱাৰ অভিযোগ তুলি সোমবাৰে বিধানসভাৰ বাহিৰ-ভিতৰ উত্তপ্ত কৰি তোলে বিৰোধী বিধায়কসকলে ৷ বিধানসভাত প্ৰশ্নোত্তৰ কাল আৰম্ভ হোৱাৰ লগে লগে সদনৰ মজিয়াত কংগ্ৰেছ, এআইইউডিএফ, চিপিএম আৰু ৰাইজৰ দলৰ বিধায়কসকলে শ্ল'গান সম্বলিত প্লে-কাৰ্ড হাতত লৈ উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে ৷

অখিল গগৈৰ বিস্ফোৰণ: বিধায়ক কিনা-বেচাত হাত উজান দিছে বিধানসভাৰ অধ্যক্ষই

বিধানসভাৰ মজিয়াত সোমবাৰে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে কৰা এক মন্তব্যত জাঙুৰ খাই উঠে বিৰোধী পক্ষ । ইয়াকে লৈ অখিল গগৈৰ বিস্ফোৰক মন্তব্য ৷ মুখ্যমন্ত্ৰীয়ে গণতন্ত্ৰক হত্যা কৰিব বিচাৰিছে । অধ্যক্ষই বিধায়ক কিনা-বেচাত হাত উজান দিছে ।

এভাৰেষ্টৰ সৰ্বোচ্চ উচ্চতাত চাহ পাৰ্টিৰে গঢ়িলে ৱৰ্ল্ড ৰেকৰ্ড

সাগৰপৃষ্ঠৰ পৰা 21,312 ফুট উচ্চতাত মাউণ্ট এভাৰেষ্টৰ কেম্প 2 ত চাহ পাৰ্টি অনুষ্ঠিত কৰি গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত নাম সন্নিবিষ্ট কৰিছে পৰ্বতাৰোহীৰ এটা দলে ৷ 2020 চনত কৰা চাহ পাৰ্টিটোৱে চলিত মাহত গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডত বিশ্বৰ সৰ্বোচ্চ উচ্চতাত অনুষ্ঠিত চাহ পাৰ্টি হিচাপে স্বীকৃতি লাভ কৰিছে ।

ঘৰৰ পৰা উঠাই আনি মৰিয়াই মৰিয়াই হত্যা এজনক

পুনৰ ৰাজ্যত সংঘটিত হৈছে গণপ্ৰহাৰৰ ঘটনা । চামগুৰিৰ বৰদলত দেওবাৰে নিশা গণপ্ৰহাৰৰ ফলত মৃত্যু হয় এজন লোকৰ । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ৷

APCC criticizes CM: ৰাজ্যসভাৰ নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীৰ ভূমিকাক দুৰ্ভাগ্যজনক আখ্যা

ৰাজ্যসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ বিধায়ক শশীকান্ত দাসৰ ঘৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যোৱা প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীক তীব্ৰ সমালোচনা কৰে প্ৰদেশ কংগ্ৰেছে ৷ নিজকে সৰ্বশক্তিমান বুলি দাবী কৰা মুখ্যমন্ত্ৰীগৰাকী কংগ্ৰেছী বিধায়কৰ ঘৰলৈ যাবলগীয়া হ’ল কিয় বুলি প্ৰশ্ন কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্যই ৷

24 মাৰ্চৰ পৰা আৰম্ভ হ’ব বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা

ৰাজ্যৰ ফুটবল প্ৰেমীৰ বাবে সুখবৰ ৷ অহা 24 মাৰ্চৰ পৰা আৰম্ভ হ'ব 68 সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল টুৰ্ণামেণ্ট । এইবাৰ বৰদলৈ ট্ৰফীত 16 টা দলে অংশ গ্ৰহণ কৰিব আৰু চাৰি স্থানত অনুষ্ঠিত হ'ব এই খেল ।

KGF Chapter 2 ত প্ৰিয়ংকা ভৰালীৰ কণ্ঠদান

দক্ষিণৰ ছবিত কণ্ঠদান কৰি অসমলৈ গৌৰৱ কঢ়িয়ালে প্ৰিয়ংকা ভৰালীয়ে (Priyanka bharali latest news) ৷ জনপ্ৰিয় ছবি কে জি এফ চেপ্তাৰ 2 ৰ এটা গানত শুনিবলৈ পাব অসমৰ জনপ্ৰিয় সংগীতশিল্পী প্ৰিয়ংকা ভৰাঁলীৰ কণ্ঠ ৷

অপেক্ষাৰ অৱসান; দ্বিতীয়বাৰলৈ মণিপুৰৰ ৰাজপাটত এন বিৰেন সিং

ঘোষণা হ’ল মণিপুৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ৷ কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণে ঘোষণা কৰিলে যে, এন বিৰেন সিঙেই হ’ব মণিপুৰৰ মুখ্যমন্ত্ৰী ৷ দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হ’ল এন বিৰেন সিং ৷

ডিমা হাছাওত দুৰ্বৃত্তৰ আক্ৰমণৰ বলি দুই ভাতৃ

সাধাৰণ এটা মাৰপিটৰ ঘটনাই ল’লে চূড়ান্ত ৰূপ ৷ প্ৰায় 80 জনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণৰ বলি লিটন পাল আৰু প্ৰণৱজ্যোতি পাল নামৰ দুগৰাকী ভাতৃ ৷ ঘটনা সন্দৰ্ভত আৰক্ষীৰ প্ৰাথমিক তদন্ত আৰম্ভ ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.