নগাঁও, ১৪ জুন : দেওবাৰে নগাঁৱত পুনৰ ৪৬ গৰাকী লোক কোভিড-১৯ ত আক্ৰান্ত হয় । স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি, ১০-১৫ বছৰীয়া শিশুৰ পৰা ৭০ উৰ্ধৰ ব্যক্তিও আক্ৰান্ত হৈছে কৰ'ণা ভাইৰাছত ।
এই পৰ্যন্ত নগাঁৱত কৰ'ণাত আক্ৰান্ত হৈছে মুঠ ৩৩৩ জনকৈ লোক। আক্ৰান্ত আটাইকেইজনেই বহিঃৰাজ্যৰ পৰা আহি কোৱাৰেণ্টাইন হৈ থকা বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, কৰ'ণা পজিটিভ ৰোগীৰ ক্ষেত্ৰত ৰাজ্যৰ ভিতৰতে তৃতীয় স্থানত আছে নগাঁও জিলা ।
লগতে পঢ়ক : কোভিড-১৯ ৰ কৰ্তব্যত গাফিলতি কৰি নিলম্বিত হ’ল কৰ্মচাৰী