চামগুৰি, 17 ডিচেম্বৰ: বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত ১৮ নং চাৰিপুনীয়া চাবুকধৰা আৰু ১৯ নং বৰচিলা পৰিষদীয় সমষ্টিত শান্তিপূৰ্ণভাৱে হৈ যায় তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ সমষ্টিটোত উপস্থিত থাকি বিজেপিয়ে একক সংখ্যাগৰিষ্ঠ দল হিচাপে ৩২ খনতকৈও অধিক আসন লাভ কৰি পৰিষদ গঠন কৰিব বুলি দৃঢ় মন্তব্য কৰে মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷
আনহাতে বিধায়কগৰাকীৰ মন্তব্যক নস্যাৎ কৰে কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা প্ৰাক্তন ই.এম ধৰ্মেন্দ্ৰ বৰদলৈয়ে ৷ ১৯ নং বৰচিলা পৰিষদৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৰাকীয়ে পূৰ্বৰ দৰে এইবাৰো সমষ্টিবাসী ৰাইজে তেওঁক বিপুল ভোট প্ৰদান কৰি জয়ী কৰিব বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক: বাৰপুজিয়াত ভোটদান কৰিবলৈ আহিল বিশেষভাৱে সক্ষম মহিলা