ETV Bharat / state

ৰহাত দলং নিৰ্মাণৰ বাবে মজুত কৰি ৰখা কাঠৰ খুঁটা চুৰি

author img

By

Published : Jan 21, 2021, 1:57 PM IST

নগাঁৱৰ ৰহাত বালিজুৰি দলং নিৰ্মাণৰ বাবে ঠিকাদাৰে মজুত কৰি ৰখা ১৪০টা কাঠৰ খুঁটা চুৰি । আব্দুল কাদিৰ নামৰ এজন লোকৰ নিৰ্দেশত এই ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ । বৰ্তমান আৰক্ষীয়ে জব্দ কৰিছে চুৰি কৰি নিয়া কাঠৰ খুঁটাবোৰ ।

ৰহাত দলং নিৰ্মাণৰ বাবে মজুত কৰি ৰখা কাঠৰ খুঁটা চুৰি
ৰহাত দলং নিৰ্মাণৰ বাবে মজুত কৰি ৰখা কাঠৰ খুঁটা চুৰি

বঢ়মপুৰ, ২১ জানুৱাৰী: বাৰে বাৰে একাংশ অসাধু চক্ৰই চুৰি কৰি নিছে ৰহা সমষ্টিৰ বালিজুৰি দলঙৰ নিৰ্মাণ কাৰ্যৰ বাবে মজুত কৰি ৰখা সামগ্ৰী । লোহাৰ ৰড চুৰি কৰি নিয়াৰ পিছত এইবাৰে চোৰে নিলে ঠিকাদাৰে মজুত কৰি ৰখা ১৪০টা কাঠৰ খুঁটা । দীৰ্ঘদিন ধৰি এখন পকী দলঙৰ অভাৱত যাতায়তৰ ক্ষেত্ৰত ৰাইজে জীয়াতু ভুগি আহিছিল যদিও শেহতীয়াকৈ চৰকাৰে এখন পকী দলং নিৰ্মাণৰ বাবে পুঁজিৰ আবণ্টন দিছে ৷

দলং নিৰ্মাণৰ কাম পূৰ্ণ গতিত চলি আছে ৷ কিন্তু একাংশ দুষ্ট চক্ৰই নিৰ্মাণ কাৰ্যত ব্যৱহৃত সামগ্ৰী চুৰি কৰি নি আহুকালৰ সৃষ্টি কৰি আছে । দলং নিৰ্মাণৰ বাবে ঠিকাদাৰে অনা ১৪০টা কাঠৰ খুঁটা চোৰ কৰি নিলে চোৰে ৷ দলং নিৰ্মাণ কামৰ ঠিকা নোপোৱাৰ বাবে কেইজনমান অসাধু নানান অপকৰ্ম লোকে চলাইছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ আব্দুল কাদিৰ নামৰ এজন লোকে নিজৰ টাটা মোবাইল গাড়ীৰে পাঁচজন যুৱকৰ দ্বাৰা কাঠসমূহ চুৰি কৰি নিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকসকলে ৷

পাছত চুৰিকাণ্ড সন্দৰ্ভত ঠিকাদাৰে এজাহাৰ দাখিল কৰে ৷ লাওপানী আৰক্ষীয়ে ঠিকাদাৰৰ এজাহাৰৰ ভিত্তিত আব্দুল হাচিমৰ ঘৰৰ পৰা চুৰি হোৱা কাঠবোৰ উদ্ধাৰ কৰে ৷ কিন্তু আব্দুল কাদিৰক আৰক্ষীয়ে এতিয়াও কৰায়ত্ত কৰা নাই । সকলো দোষীকে উচিত শাস্তি প্ৰদানৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷ পূৰ্বেও একে স্থানৰ পৰা লোহাৰ ৰড চুৰি হৈছিল । আনহাতে,একাংশ লোকৰ মতে ঠিকাদাৰে অনা কাঠসমূহৰ চালান নোহোৱাৰ বাবে আৰক্ষীয়ে জব্দ কৰিছে ।

লগতে পঢ়ক:মকড্ৰিলৰ জৰিয়তে সজাগতা সৃষ্টিৰ প্ৰয়াস অইল কৰ্তৃপক্ষৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.