ETV Bharat / state

Tiger Terror at Kaliabor: কলিয়াবৰত বনৰজাৰ সন্ত্ৰাসৰ বিপৰীতে কাজিৰঙাত বনৰজা-হাতীৰ বন্ধুত্ব

দীৰ্ঘদিন ধৰি কলিয়াবৰৰ বিভিন্ন অঞ্চলত ঢেঁকীয়াপতীয়াই মুক্ত বিচৰণ কৰি আছে (Free roaming of Tiger in Kaliabor)। এইবাৰ শিলঘাট-কামাখ্যা পথৰ কাষতে ঢেঁকীয়াপতীয়াটোৰ অৱস্থান । শংকিত পথচাৰী আৰু বাগিচাৰ শ্ৰমিক । কাজিৰঙাত আকৌ হাতী আৰু বনৰজাৰ বন্ধুত্বৰ এক বিৰল দৃশ্য ।

author img

By

Published : Feb 28, 2023, 12:44 PM IST

Tiger Terror at Kaliabor
কলিয়াবৰত বনৰজাৰ সন্ত্ৰাস
কলিয়াবৰত বনৰজাৰ সন্ত্ৰাস

কলিয়াবৰ, ২৮ ফেব্ৰুৱাৰী : নগাঁও জিলাৰ কলিয়াবৰত ঢেঁকীয়াপতীয়াৰ সন্ত্ৰাস অব্যাহত আছে (Tiger terror)। কলিয়াবৰ চাহ বাগিচাত বিগত কেইবাদিনো ধৰি আশ্ৰয় লৈ আছে ঢেঁকীয়াপতীয়াটো । বনৰজাৰ মুক্ত বিচৰণ দেখি আতংকিত অঞ্চলটোৰ ৰাইজ । চাহ বাগিচা কৰ্মৰত কৰ্মচাৰী আৰু মহিলাসকলো এতিয়া শংকিত হৈ পৰিছে । মঙলবাৰে পুনৰ ৰাইজে শিলঘাট-কামাখ্যা পথৰ কাষতে ঢেঁকীয়াপতীয়াটো প্ৰত্যক্ষ কৰে ৰাইজে ।

লগে লগে ৰাইজৰ মাজত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । আনহাতে পথটোৰে যোৱা যিকোনো লোককে ঢেঁকীয়াপতীয়াটোৱে আক্ৰমণ কৰাৰ আশংকা কৰিছে ৰাইজে । যাৰ বাবে পথটোৰে যাবলৈও চিন্তা কৰিবলগীয়া হৈছে পথচাৰী । আনকি বনৰজাৰ বাবে বাগিচালৈও এতিয়া শ্ৰমিকসকল আহিবলৈ ভয় কৰে । মুঠতে ঢেঁকীয়াপতীয়াৰ মুক্ত বিচৰণে কলিয়াবৰত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে (Free roaming of Tiger)।

ইফালে ঢেঁকীয়াপতীয়াটোক কাজিৰঙা অথবা বনাঞ্চললৈ খেদি পঠিওৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে বন বিভাগ । যাৰ বাবে বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ ।

উল্লেখ্য যে বিগত কেইবাদিনো ধৰি কলিয়াবৰৰ বিভিন্ন অঞ্চলত ঢেঁকীয়াপতীয়াৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা গৈছে । ঢেঁকীয়াপতীয়াটোৱে জনাঞ্চলত প্ৰৱেশ কৰি বহু লোকৰে ঘৰৰ পশুধন নিধন কৰিছে । বিশেষকৈ কলিয়াবৰৰ শিলঘাট অঞ্চলৰ চাহ বাগিচাত বনৰজাই বিচৰণ কৰি আছে । সেয়ে শীঘ্ৰে ঢেঁকীয়াপতীয়াটোক খেদি পঠিওৱাৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে ।

ইফালে ৰাজ্যৰ ভিন্ন প্ৰান্তত বন্যহস্তী, গঁড়, নাহৰফুকুটী, ঢেঁকীয়াপতীয়া আদি বিভিন্ন বন্যজন্তুৰ সন্ত্ৰাস অব্যাহত আছে । বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপৰ জিলাসমূহত প্ৰায়ে বন্যজন্তুবোৰে মুক্ত বিচৰণ কৰে । তেনে সময়ত আকৌ মানুহ আৰু বন্যজন্তুবোৰৰ সংঘাত হোৱাও দেখা গৈছে । অৱশ্যে ইয়াৰ মাজতে বনৰজা আৰু হাতীৰ বন্ধুত্বৰ এক বিৰল দৃশ্যই সকলোকে আপ্লুত কৰি তুলিলে ।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ‍্যানৰ বুঢ়াপাহাৰ বনাঞ্চলত এইবাৰ দেখা গ'ল এই বিৰল দৃশ্য (Kaziranga National Park)। নৈৰ পাৰত ৰৈ এটা হাতীয়ে খাইছে পানী, কাষতে গাত ৰ'দ লগাই শুই আছে এটা ঢেঁকীয়াপতীয়া । এই দৃশ্য দেখি এনে লাগিছে যেন দুয়ো দুয়োৰে ওচৰত সুৰক্ষিত । ইফালে এই দৃশ্যটো বন্দী হৈছে কলিয়াবৰৰ পশু চিকিৎসক তথা প্ৰকৃতিপ্ৰেমী সুৰুজ কাকতিৰ কেমেৰাত ।

কেইদিনমানৰ পূৰ্বে বুঢ়াপাহাৰ বনাঞ্চলতে বনৰক্ষীৰ কেমেৰাত বন্দী হৈছিল ম'হৰ খেদাত বনৰজাই পৃষ্ঠভংগ দিয়াৰ দৃশ‍্য । তাৰ বিপৰীতে দুয়োটা বন্যজন্তুৰ এনে বন্ধুত্বপূৰ্ণ দৃশ‍্যই সকলোকে আপ্লুত কৰি তুলিছে ।

লগতে পঢ়ক :Tiger menace in Kaliabor : দিনদুপৰতে কলিয়াবৰত বাঘৰ ত্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.