ETV Bharat / state

লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্য়ত বাঘৰ সন্ত্ৰাস - ঢেকীয়াপতীয়া বাঘ

ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণে লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷ বাঘৰ আক্ৰমণত মৃত্যু হৈছে শতাধিক গৰু-ম’হৰ ৷ বিনিদ্ৰ ৰজনী কটাইছে গাঁওবাসীয়ে ৷

tiger attack
লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্য়ত বাঘৰ সন্ত্ৰাস
author img

By

Published : Dec 4, 2020, 9:09 AM IST

ৰূপহীহাট, 4 ডিচেম্বৰ : লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত ঢেকীয়াপতীয়া বাঘৰ মুক্ত বিচৰণ । অভয়াৰণ্যৰ কাষৰীয়া গাঁওসমূহত সোমাই পোহনীয়া গৰু-ম’হৰ ওপৰত আক্ৰমণ চলাই আহিছে ঢেকীয়াপতীয়া বাঘে ৷ ইতিমধ্যে বাঘৰ আক্ৰমণত শতাধিক গৰু-ম’হ মৃত্যুমুখত পৰিবলগীয়া হৈছে ৷

বাঘৰ সন্ত্ৰাসে অভয়াৰণ্য়খনৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক বিনিদ্ৰ ৰজনী কটাবলৈ বাধ্য কৰাইছে ৷ গৰু-ম’হ নিজ ঘৰত প্ৰৱেশ নকৰাক লৈ চিন্তিত হৈ পৰে পালকসকল ৷

tiger attack
লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্য়ত বাঘৰ সন্ত্ৰাস

পোহনীয়া জীৱ-জন্তুৰ লগতে গাঁওবাসীলৈও ভাবুকি কঢ়িয়াই আনিছে ঢেকীয়াপতীয়া বাঘে ৷ গো-পালকসকলে সদৰি কৰা মতে, 10-12 টাকৈ ঢেকীয়াপতীয়া বাঘে নিতৌ সন্ত্ৰাসৰ সৃষ্টি কৰিছে লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত ।

আনহাতে, বহুকেইটা ঢেকিয়াপতীয়া বাঘৰ মুক্ত বিচৰণৰ দৃশ্য বনকৰ্মীসকলে প্ৰত্যক্ষ কৰাৰ লগতে কিছু দৃশ্য বন বিভাগৰ কেমেৰাত আবদ্ধ হৈছে বুলি বন বিভাগে সংবাদ মাধ্য়মযোগে জানিবলৈ দিয়ে ।

লগতে পঢ়ক : AGG আৰু GM জৰীপৰ শুভাৰম্ভণি অইল ইণ্ডিয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.