ৰহা, 5 মে’ : নগাঁও জিলাৰ ৰহাত মঙলবাৰে বিয়লি ভাগত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা ৷ সুৰাসক্ত চালকৰ বাহনে খুন্দিয়াই বিধ্বস্ত কৰিলে এখন টাটা ছুইফট বাহন । ফলত থিতাতে আহত হয় এগৰাকী মহিলাসহ দুজন লোক ৷
আহত লোক কেইজন হৈছে নগাঁৱৰ প্ৰদ্যুম্ন নাৰায়ণ গোস্বামী, এনি গোস্বামী (পত্নী) আৰু বুবলু গোস্বামী (পুত্ৰ) । জানিব পৰা মতে, পৰিয়ালটোৱে AS-02-AF-4060 নম্বৰৰ ছুইফট বাহনেৰে গুৱাহাটীৰ পৰা নগাঁৱৰ নিজা ঘৰলৈ গৈ আছিল ।
কিন্তু ৰহাৰ সৰাগাঁও পাওঁতেই গুৱাহাটী অভিমুখী AS-03-T-219 নম্বৰৰ এখন তীব্ৰ বেগী ফিগ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰ পাৰ হৈ ছুইফটখনত প্ৰচণ্ড খুন্দা মাৰে । স্থানীয় ৰাইজৰ অভিযোগ মতে, ফিগ’ বাহনখনৰ চালকজন সুৰামত্ত অৱস্থাত আছিল ।
আনহাতে, বাহনখনৰ পৰা সুৰাৰ বটলৰ লগতে গিলাচো উদ্ধাৰ কৰিছে স্থানীয় ৰাইজে । চালকজন সুৰাসক্ত হোৱাৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি অভিযোগ তুলিছে একাংশ স্থানীয় লোকে ৷
লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী ৰূপে বিচাৰো: মহিবুল হক