নগাঁও, ২১ ছেপ্টেম্বৰ: শিক্ষা বিভাগৰ চৰম দায়িত্বহীনতাৰ বাবেই নগাঁৱত চৰকাৰী চাইকেলৰ পৰা বঞ্চিত হেজাৰ হেজাৰ শিক্ষাৰ্থী । বিগত এমাহ ধৰি ৰ'দে-বৰষুণে পৰি ৰ'ল প্ৰায় ২০ সহস্ৰাধিক চাইকেল । মুকলি আকাশৰ তলত পৰিত্যক্ত চৰকাৰী আঁচনিৰ চাইকেলত এতিয়া ধৰিবলৈ লৈছে মামৰে ৷ ৰ'দ-বৰষুণৰ মাজত কেইবাসহস্ৰাধিক চাইকেল পেলাই থোৱা কাৰ্যত ক্ষুন্ন শিক্ষাৰ্থী-অভিভাৱকৰ লগতে নগঞা ৰাইজ ।
উল্লেখ্য যে, নগাঁও জিলাৰ ২১৩খন উচ্চ মাধ্যমিক আৰু ৬৩খন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাবে চাইকেলসমূহ আবণ্টিত হৈছিল যদিও বিগত প্ৰায় এমাহে চাইকেলসমূহ বিতৰণ কৰিবলৈ সক্ষম হোৱা নাই নগাঁও জিলা শিক্ষা বিভাগ । ২০২২-২৩বৰ্ষৰ নৱম মান শ্ৰেণীৰ ছাত্ৰীৰ বাবে চৰকাৰে আবণ্টন দিছিল এইসমূহ চাইকেল । কিন্তু বৰ্তমান নগাঁও ডিলাৰ ডছন স্কুল খেলপথাৰত মুকলি আকাশৰ তলত ৰ'দ-বৰষুণৰ মাজত পৰি ৰৈছে চৰকাৰী আঁচনিৰ এইসমূহ চাইকেল ৷
নগাঁও জিলা শিক্ষা বিভাগৰ অকৰ্মণ্যতাৰ বাবেই বৃহৎ পৰিমাণৰ ৰাজহুৱা ধন অপচয়ৰ উপক্ৰম হোৱাত জাঙুৰ খাই উঠিছে নগঞা সচেতন মহলো । নগাঁও জিলা শিক্ষা বিভাগৰ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে সচেতন লোক । চৰকাৰে কেৱল কমিচনৰ অংকতেই চৰকাৰী আঁচনি গ্ৰহণ কৰাৰ পিচত আঁচনি সঠিক ৰূপায়ণৰ ক্ষেত্ৰত কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে নগঞা সচেতন ৰাইজে ।
স্মৰ্তব্য যে, এই সন্দৰ্ভত জিলা শিক্ষা বিষয়াৰ মন্তব্য ল’বলৈ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত সাংবাদিক উপস্থিত হয় যদিও সেই সময়ত কাৰ্যালয়ত উপস্থিত নাথাকে শিক্ষা বিষয়াগৰাকী । এই ক্ষেত্ৰত নগাঁও জিলা শিক্ষা বিভাগৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিবনে, সেয়া সময়তহে হ’ব লক্ষণীয় !
লগতে পঢ়ক: Ghost in Medical College: অসমৰ এখন চিকিৎসা মহাবিদ্যালয়ত ভূতৰ উপদ্ৰৱ !