কলিয়াবৰ, ২৭ জানুৱাৰী : অহা ৩০ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কলিয়াবৰ জিলা শাখাৰ ৩০ সংখ্যক অধিবেশন (Shankardev sangh adhibeshan) । ভকত-বৈষ্ণৱসকলক আদৰিবলৈ সাজু কটীয়া গাঁৱৰ ৰাইজ । অধিবেশনৰ বাবে দিনে-নিশাই চলিছে প্ৰস্তুতি । ইয়াৰ মাজতে এক ব্যতিক্ৰমী পদক্ষেপ গাঁওবাসীৰ ।
অসমীয়া সমাজৰ এক পুৰণি সংস্কৃতি ধৰি ৰখাৰ চেষ্টা কটীয়া গাঁৱৰ ৰাইজৰ । হয়, এইবাৰ প্লাষ্টিকৰ প্লেটৰ পৰিৱৰ্তে ভকত-বৈষ্ণৱসকলক আহাৰ পৰিৱেশন কৰা হ'ব দোৰোলা আৰু পটুৱাত (Banana leaf plate to serve food)। সেয়েহে প্ৰায় চাৰি হাজাৰ দোৰোলা আৰু পটুৱা প্ৰস্তুত কৰাত এতিয়া ব্যস্ত ডেকা-বুঢ়া সকলো (Banana leaf plate prepared for shankardev sangh adhibeshan) । ট্ৰেক্টৰেৰে অনা হৈছে ভীমকল আৰু সকলোৱে মিলি প্ৰস্তুত কৰিছে দোৰোলা আৰু পটুৱা ।
উল্লেখ্য যে আধুনিক সমাজত এইধৰণে প্ৰকৃতিৰ পৰা আহৰণ কৰা দোৰোলা, পটুৱা আদিৰ ব্যৱহাৰ কমি আহিছে । তাৰ পৰিৱৰ্তে প্ৰকৃতিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা প্লাষ্টিকৰ সামগ্ৰীৰ পয়োভৰ ঘটিছে । সেয়েহে যুৱ প্ৰজন্মক অসমীয়া সমাজৰ পুৰণি সংস্কৃতিৰ প্ৰতি সজাগ কৰাৰ স্বাৰ্থত এই পদক্ষেপ গ্ৰহণ কৰিছে কটীয়া গাঁৱৰ ৰাইজে ।
তেওঁলোকে আশা কৰা মতে এই পদক্ষেপৰ জৰিয়তে প্ৰকৃতি সুৰক্ষিত হোৱাৰ লগতে সমাজলৈ যাব এক বিশেষ বাৰ্তা । ধৰমপুৰ সোণাৰীহোলা বৰনামঘৰত দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অধিবেশনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিব ভকত-বৈষ্ণৱসকল । অধিবেশনৰ বাবে বিভিন্ন প্ৰস্তুতি চলোৱাৰ লগতে প্ৰকৃতিৰ কথা চিন্তা কৰা কলিয়াবৰৰ ৰাইজৰ এই পদক্ষেপক এতিয়া প্ৰশংসা কৰিছে বিভিন্নজনে ।
লগতে পঢ়ক :Naga aggression in Border : চৰকাৰে আজিও নিৰ্মাণ নকৰিলে সীমান্ত নিৰীক্ষণ চকী