বটদ্ৰৱা,2 মাৰ্চঃ বটদ্ৰৱাৰ আকাশী গংগাৰ তীৰৰ নৈসৰ্গিক পৰিৱেশত এহেজাৰ ছাত্ৰ ছাত্ৰীয়ে একেলগে পৰিবেশন কৰিলে সূৰ্য নমস্কাৰ ৷ নগাঁও জিলাৰ ভিন্ন প্ৰান্তৰ ১৬ খন নিকেতনৰ এহেজাৰ ছাত্ৰ ছাত্ৰীয়ে একেলগে পৰিৱেশন কৰে সূৰ্য নমস্কাৰ ৷ বিদ্যাভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ আৰু শিশু শিক্ষা সমিতি, অসমৰ অন্তৰ্গত নগাঁও সংকুলৰ সূৰ্য নমস্কাৰ মহাযজ্ঞৰ সামৰণি অনুষ্ঠানটি সোমবাৰে বটদ্ৰৱাৰ পবিত্ৰ আকাশী গংগাৰ তীৰত অনুষ্ঠিত হয় ৷ বিগত ২২ ফেব্ৰুৱাৰীৰ পৰা সমগ্ৰ অসমৰ জুৰি চলি থকা সূৰ্য নমস্কাৰ মহাযজ্ঞৰ লগত সংগতি ৰাখি নগাঁও সংকুলৰ ১৬ খন নিকেতনত চলি আছিল এই অনুষ্ঠান ৷
উল্লেখ্য যে, সোমবাৰে বটদ্ৰৱাত অনুষ্ঠিত নগাঁও সংকুলৰ সামৰণি অনুষ্ঠানটিৰ পূৰ্বে জিলা খনৰ ১৬ খন নিকেতনৰ ছাত্ৰ ছাত্ৰীসকল বটদ্ৰৱা শংকৰদেৱ শিশু নিকেতনত সমবেত হৈ খোজকাঢ়ি বটদ্ৰৱা থানলৈ যাত্ৰা কৰে ৷ আকাশী গংগাৰ তীৰত অনুষ্ঠিত সামৰণি অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন আৰু পতাক উত্তোলন কৰা হয় । এহেজাৰ ছাত্ৰ ছাত্ৰীয়ে শৃংখলাবদ্ধ ভাৱে ব্ৰহ্মনাদ, বন্দনা পৰিৱেশন কৰাৰ পাছত সূৰ্য প্ৰনাম কৰা এক দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি হয় ৷