কলিয়াবৰ,11 জুন : ৰাজ্যজুৰি আংশিক লকডাউন আৰু সান্ধ্য আইন বলবৎ হৈ থকাৰ সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে চোৰৰ চাফাই অভিযান ৷ একেদৰে সান্ধ্য আইনৰ সুযোগ বুজি বৃহস্পতিবাৰে নিশা কলিয়াবৰৰ শান্তিপুৰৰ মধ্য কলিয়াবৰ ছোৱালী হাইস্কুলত চোৰে চলালে লুট-পাত ৷ ৰাতিপুৱা স্থানীয় ৰাইজে শ্ৰেণী কোঠাৰ তলা ভঙা দেখাত চুৰিকাণ্ডৰ সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷
জানিব পৰা মতে, চোৰে বিদ্যালয়খনৰ শ্ৰেণী কোঠাৰ পৰা তলা ভাঙি 5 খনকৈ ফেন চোৰ কৰাৰ লগতে পানীৰ পাম্প চুৰ কৰি লৈ যায় । ইতিমধ্যে ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষকে কলিয়াবৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে ।
লগতে পঢ়ক: উদালী কাণ্ডৰ লগত জড়িত পুনৰ এজন অভিযুক্তক গ্ৰেপ্তাৰ