ETV Bharat / state

গুলীবিদ্ধ ম’হক তৰোৱাল-খুকুৰীৰে আক্ৰমণ একাংশৰ

author img

By

Published : Jan 13, 2021, 6:54 AM IST

নগাঁৱত এটা মৰা ম’হৰ ওপৰত আক্ৰমণ একাংশ লোকৰ ৷ বন বিভাগৰ লোকৰ গুলিত নিহত হৈছিল ম'হটো ৷ ম'হটোৱে দীৰ্ঘদিন ধৰি ত্ৰাস সৃষ্টি কৰি আহিছিল ৰূপহীৰ শপতকৰা অঞ্চলত ৷

নগাঁৱত জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড
নগাঁৱত জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড

নগাঁও,13জানুৱাৰী : নগাঁও জিলাৰ চামগুৰিত জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড ৷ এটা মৃত ম’হৰ ওপৰত অত্যাচাৰ একাংশ লোকৰ ৷ প্ৰাপ্ত খবৰ অনুসৰি, নগাঁও জিলাৰ ৰূপহীহাটৰ সীমান্তৱৰ্তী শপতকৰাত একাংশ লোকে বাঁহ, তৰোৱাল-খুকৰি আদিৰে হানি-খুচি আক্ৰমণ কৰে এটা বনৰীয়া ম'হক ৷ ম'হটো কাটিবলৈও হেতাওপৰা লগায় একাংশ উন্মাদপ্ৰায় লোকে ।

উল্লেখ্য যে, বিভাগীয় অনুমতিৰে বন বিভাগৰ লোকে মঙলবাৰে গুলীবিদ্ধ কৰি নিধন কৰিছিল এটা বনৰীয়া ম'হক। ম'হটোৱে চামগুৰিৰ শপতকৰাৰ এখন কলবাৰিত প্ৰৱেশ কৰি আক্ৰমণ কৰিছিল নুৰ মহমদ নামৰ এজন স্থানীয় লোকক ৷ আক্ৰমণত নিহত হৈছিল লোকজনৰ ৷ ইফালে,ম'হটোৰ আক্ৰমণত মহিলা সহ আন কেইবাজনো লোক আহত হৈছে ৷

পৰৱৰ্তী সময়ত আক্ৰমণকাৰী ম'হটোক এখন পথাৰত মুক্ত বিচৰণ কৰি থকাত চৰম আশংকাৰ মাজত সময় অতিবাহিত কৰিছিল শপতকৰাৰ স্থানীয় ৰাইজে । ম'হটোৱে অঞ্চলটোত ত্ৰাস সৃষ্টি কৰাত অতিষ্ঠ হৈ বন বিভাগে ম'হটোক গুলীবিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ কিন্তু ইয়াৰ পাচতে অঞ্চলটোত সৃষ্টি হয় এক অপ্ৰীতিকৰ ঘটনা ৷ অঞ্চলটোৰ একাংশ লোকে মৃত ম'হটোক কাটিবলৈ উদ্যত হয় ৷ এই ঘটনা সংঘটিত হোৱাৰ পাচতে অঞ্চলজুৰি সৃষ্টি হয় এক চাঞ্চল্য ৷

অন্য এক খবৰৰ বাবে: বহু প্ৰতীক্ষাৰ অন্তত অসম পালে মহামাৰীৰ ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.