কলিয়াবৰ, 19 জুন : নেৰানেপেৰা বৰষুণৰ প্ৰতি লক্ষ্য ৰাখি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সষ্টম হৈ পৰিছে জীৱকুলৰ সুৰক্ষাক লৈ ৷ সম্ভাব্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি জুলাইৰ প্ৰথম সপ্তাহতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য জন্তুৰ সুৰক্ষাৰ বাবে প্ৰৱৰ্তন হ'ব টাইম কাৰ্ড ব্যৱস্থা ৷ শীঘ্ৰে কাৰ্যক্ষম হ’ব অচল হৈ পৰা চেঞ্চৰ কেমেৰা ৷ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ অধিক বনকৰ্মী নিযুক্তি কৰা হৈছে ৰাষ্ট্ৰীয় উদ্যানখনত ৷
ক্ৰমান্বয়ে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাবলৈ ধৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বুঢ়াপাহাৰ বনাঞ্চল এলেকাত । নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পোৱা পানীয়ে আংশিকভাৱে প্লাৱিত কৰিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দেওচুৰ হাতীকেম্প । এসপ্তাহ ধৰি দি থকা মুষলধাৰ বৰষুণৰ ফলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নৈ, জান-জুৰিসমূহ পানীৰে ওফন্দি উঠিছে । ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত বুঢ়াপাহাৰ বনাঞ্চলৰ অতিকৈ দ-এলেকা দেওচুৰ হাতীকেম্প এতিয়া বৰষুণৰ পানীৰে প্লাৱিত ।
বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বুঢ়াপাহাৰ বনাঞ্চলত হাত নাও, মেচিন নাও সম্পূৰ্ণৰূপে সাজু কৰি তুলিছে উদ্যান কৰ্তৃপক্ষই । ৰাষ্ট্ৰীয় উদ্যানখনৰ বনকৰ্মী সকল জীৱকুল ৰক্ষাৰ বাবে এতিয়া ২৪ ঘণ্টাই সষ্টম হৈ পৰিছে । বুঢ়াপাহাৰ বনাঞ্চলৰ অন্তৰ্গত ৩৩ টা বন শিৱিৰ বৰ্তমানেও বানমুক্ত হৈ আছে ।
ধাৰাষাৰ বৰষুণ অব্যাহত থাকিলে অচিৰেই ৰাষ্ট্ৰীয় উদ্যানখনৰ বিস্তৃণ এলেকা ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কৱলত পৰাৰ আশংকা নুই কৰিব নোৱাৰি । আনহাতে, দীৰ্ঘদিন ধৰি বিকল হৈ পৰা ব্যয়বহুল চেঞ্চৰ কেমেৰা ব্যৱস্থাও অনতিপলমে কাৰ্যক্ষম হৈ উঠিব বুলি জনাইছে উদ্যান কৰ্তৃপক্ষই ।
লগতে পঢ়ক : Minister order to Nalbari BDO : পূৱ নলবাৰী খণ্ড উন্নয়ন বিষয়াক নিলম্বনৰ নিৰ্দেশ মন্ত্ৰীৰ