ETV Bharat / state

মহামাৰীৰ বাবে খাদ্য সংকটত ভুগিছে বিভিন্ন মঠ-মন্দিৰৰ জীৱকূল - হৃদয়বিদাৰক দৃশ্য

মহামাৰীৰ কবলৰ পৰা দেশ তথা ৰাজ্যবাসীক উদ্ধাৰৰ বাবে চৰকাৰে জাৰি কৰা আংশিক লক ডাউন আৰু সান্ধ্য আইনত জুৰুলা হৈ পৰিছে জীৱকূল ৷ জনতাৰ লগতে ভীষণ খাদ্য সংকটত ভুগিছে কপিকূল ৷ মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ লগে লগে মন্দিৰৰ আশে-পাশে থকা বান্দৰকে ধৰি চৰাই-চিৰিকতি আদ‍িয়েও পৰিছে খাদ্য সংকটত ৷ মন্দিৰলৈ অহা যাত্ৰীয়ে দিয়া ফলমূল খাই পেট পুৰোৱা কপিকূল এতিয়া হৈ পৰিছে ভোকাতুৰ ৷

the state's livelihood is suffering from food crisis due to the corona epidemic
কৰ'ণা মহামাৰীৰ কৱলত খাদ্য সংকটত ভুগিছে ৰাজ্যৰ জীৱকুল
author img

By

Published : May 30, 2021, 2:10 PM IST

Updated : May 31, 2021, 7:53 PM IST

কলিয়াবৰ,30 মে': কৰ'ণা মহামাৰীৰ কবলত বজাৰ-সমাৰৰ সমান্তৰালভাৱে বন্ধ হৈ পৰিছে ৰাজ্যৰ মন্দিৰসমূহৰ দুৱাৰ ৷ মহামাৰীৰ কবলৰ পৰা দেশ তথা ৰাজ্যবাসীক উদ্ধাৰৰ বাবে চৰকাৰে জাৰি কৰা আংশিক লক ডাউন আৰু সান্ধ্য আইনত জুৰুলা হৈ পৰিছে জীৱকূল ৷

মন্দিৰৰ দুৱাৰ বন্ধ হোৱাৰ লগে লগে মন্দিৰৰ আশে-পাশে থকা বান্দৰকে ধৰি চৰাই-চিৰিকতি আদ‍িয়েও পৰিছে খাদ্য সংকটত ৷ পৰ্যটক, দৰ্শনাৰ্থী-ভক্তৰ বাবে ৰাজ্যৰ মন্দিৰসমূহ বন্ধ হৈ পৰাত এক প্ৰকাৰ খাদ্যৰ অনাহাৰে দিন পাৰ কৰিবলগীয়া হৈছে মন্দিৰৰ চৌপাশত বসবাস কৰা কপিকুলৰ লগতে জীৱ-জন্তুসমূহে ৷

কৰ'ণা মহামাৰীৰ বাবে খাদ্য সংকটত ভূগিছে ৰাজ্যৰ জীৱকুল

আন আন মন্দিৰৰ দৰে একেই অৱস্থা কলিয়াবৰৰ ঐতিহাসিক হাতীমূৰাৰ মহিষমৰ্দিনী মা দুৰ্গা মন্দিৰৰ চৌহদত ৷ দৰ্শনাৰ্থী তথা ভক্তৰ বাবে মন্দিৰ বন্ধ হৈ পৰাত চৰম খাদ্য সংকটত পৰিছে মন্দিৰৰ জীৱকূল । যাৰ ফলত বান্দৰৰ বৃহৎ জাকটোৱে মন্দিৰ চৌহদ এৰি আন ঠাইলৈ ঢাপলি মেলিছে ৷

ইফালে খাদ্যৰ অভাৱত থকা ভোকাতুৰ জীৱৰ মাজত দেখা গ'ল এক হৃদয় বিদাৰক দৃশ্য ৷ পেটৰ ভোকত থাকিব নোৱাৰি মন্দিৰৰ চৌহদত থকা কুকুৰেও খালে ছাগলীলৈ নিয়া কল ৷ অৱশ্যে কেইদিনৰ মানৰ পৰা মন্দিৰটোৰ চৌহদত এটি বন্যপ্ৰেমী দলে জীৱকূলৰ মাজত বিতৰণ কৰি আহিছে খাদ্য সামগ্ৰী ৷ মন্দিৰটোত থকা পাৰ, ছাগলী, বান্দৰ আৰু কুকুৰৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাত দলটোৰ সদস্যসকলক এতিয়া প্ৰশংসা কৰিছে সকলোৱে ৷

লগতে পঢ়ক: কৰ’ণাক জয়ৰে বাতৰিৰ শিৰোনাম দখল কৰা দুগৰাকী ককা-আইতা

Last Updated : May 31, 2021, 7:53 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.