ETV Bharat / state

নগাঁৱত 144 ধাৰা জাৰি প্ৰশাসনৰ - The prohibitory order issued under Section 144 in Nagaon etv Bharat Assam

114 ধাৰা অনুসৰি, জিলা প্ৰশাসনৰ অনুমতি অবিহনে পাঁচ জন বা ততোধিক ব্যক্তি সমাগম হ'ব নোৱাৰিব ৷ লগতে যিকোনো সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, ধাৰ্মিক, শৈক্ষিক, খেল আদি অনুষ্ঠানত জনসমাগম হ'ব নোৱাৰিব। যিকোনো কোভিড-১৯ হোৱা বা সন্দেহ হোৱা ব্যক্তিয়ে স্বাস্থ্য বিভাগে তথা জিলা প্ৰশাসনে জাৰি কৰা নিয়মাৱলী মানিব লাগিব আৰু সহযোগ কৰিব লাগিব ।

Nagaon
নগাঁও
author img

By

Published : Jul 7, 2020, 8:38 PM IST

নগাঁও, 7 জুলাইঃ নগাঁৱত 144 ধাৰা জাৰি প্ৰশাসনৰ ৷ জানিব পৰা মতে, জিলাখনৰ কিছুসংখ্যক লোক তথা ৰাজনৈতিক আৰু অৰাজনৈতিক সংগঠনে বিভিন্ন স্থানত অনুষ্ঠান অনুষ্ঠিত কৰা আৰু এই অনুষ্ঠানসমূহত বৰ্তমান চৰকাৰে বান্ধি দিয়া জনসমাগমৰ নিয়মাৱলী ভংগ কৰাটো জিলা প্ৰশাসনৰ দৃষ্টি গোচৰ হৈছে । ফলত এনে সমূহ কাৰ্যৰ দ্বাৰা কোভিড-১৯ বিয়পাৰ আশংকা আছে । সেয়েহে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি জিলাখনৰ ৰাজহুৱা শান্তি শৃংখলা, জনসাধাৰণৰ নিৰাপত্তা আৰু স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি জিলা দণ্ডাধীশ যাদৱ শইকীয়াই ফৌজদাৰী কাৰ্যবিধিৰ অধীনত ১৪৪ ধৰা জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

লগতে পঢ়কঃ বিশ্বনাথত অত্যধিক ভাড়া লোৱাৰ অভিযোগ বাছ যাত্ৰীৰ

114 ধাৰা অনুসৰি, জিলা প্ৰশাসনৰ অনুমতি অবিহনে পাঁচ জন বা ততোধিক ব্যক্তি সমাগম হ'ব নোৱাৰিব ৷ লগতে যিকোনো সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, ধাৰ্মিক, শৈক্ষিক, খেল আদি অনুষ্ঠানত জনসমাগম হ'ব নোৱাৰিব। যিকোনো কোভিড-১৯ হোৱা বা সন্দেহ হোৱা ব্যক্তিয়ে স্বাস্থ্য বিভাগে তথা জিলা প্ৰশাসনে জাৰি কৰা নিয়মাৱলী মানিব লাগিব আৰু সহযোগ কৰিব লাগিব। যিকোনো ব্যক্তিৰ শেষকৃতৰ ক্ষেত্ৰত ২০ জনতকৈ অধিক লোকৰ সমাগম হ'ব নোৱাৰিব । এই আদেশ জিলাখনত তৎকালে বলবৎ হোৱা পৰিলক্ষিত হৈছে ৷ লগতে অমান্যকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্রহণ কৰা হ'ব বুলি জানিবলৈ দিয়ে নগাঁও প্ৰশাসনে ।

নগাঁও

ইপিনে নগাঁৱৰ পৰা গুৱাহাটীলৈ আৰু গুৱাহাটীৰ পৰা নগাঁৱলৈ অহা-যোৱা কৰাৰ ক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে বাধা আৰোপৰ নিৰ্দেশনা প্ৰদান কৰিছে ৷ গুৱাহাটী মহানগৰীত কোভিড-১৯ পজিটিভ ব্যক্তিৰ সংখ্যা বৃদ্ধি হোৱাত জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ৷ ইফালে গুৱাহাটী ভ্ৰমণ কৰি অহাসকলে ১৪ দিন হোম কোৱাৰেণ্টাইন থকাটো বাধ্যতামূলক হিচাপে ঘোষণা কৰিছে নগাঁও জিলা প্ৰশাসনে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.