ETV Bharat / state

পৰ্যটকক আদৰিবলৈ সাজু কলিয়াবৰ

author img

By

Published : Aug 19, 2020, 8:22 PM IST

বহুলোকৰ হবি কি বুলি সুধিলে স্বাভাৱিকতে উত্তৰ পোৱা যায় ভ্ৰমণ ৷ সেয়ে ভ্ৰমণকাৰীসকলৰ বাবে এক সুখবৰ কঢ়িয়াই আনিছে নগাঁও জিলাৰ কলিয়াবৰ মহকুমা প্ৰশাসনে ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ বাবে সৃষ্টি হোৱা বিভীষিকা, কৰ’ণা ভাইৰাছৰ আতংক আদিক নেওচি পৰ্যটকক আদৰিবলৈ ন-ৰূপত সাজু কৰি তোলা হৈছে কলিয়াবৰৰ বিভিন্ন পৰ্যটনস্থলীসমূহ ৷

The new initiative is ready to attract tourists in kaliabar nagaon assam etv bharat news
কলিয়াবৰৰ পৰ্যটনস্থলী সাজু

কলিয়াবৰ,19 আগষ্ট: পৰ্যটনৰ প্ৰাচুৰ্যৰে সম্ভাৱনাময় নগাঁও জিলাৰ কলিয়াবৰ মহকুমা ৷ জিলাখনৰ কলিয়াভোমোৰা দলং, হাতীমূৰা বান্ধ আৰু শিলঘাটৰ সৌন্দৰ্যই অতীতৰে পৰা আকৰ্ষণ কৰি আহিছে পৰ্যটকক ৷ বিগত বৰ্ষত ৰাজ্যত তীব্ৰতৰ হোৱা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে একপ্ৰকাৰ স্তব্ধ হৈ পৰিছিল পৰ্যটন ক্ষেত্ৰসমূহ ৷ এই পৰিস্থিতি শাম কটাৰ পিছত পৰ্যটকক পুনৰ আদৰিবলৈ সাজু হৈছিল ৰাজ্য চৰকাৰ ৷

কিন্তু তেনে সময়তে বিশ্বজুৰি কৰ’ণা ভাইৰাছে বিভীষিকা সৃষ্টি কৰাত পুনৰ বন্ধ হৈ পৰে ৰাজ্যৰ সকলো পৰ্যটন ক্ষেত্ৰ ৷ বৰ্তমানে এই সংক্ৰমণ কিছু শাম কটাত নতুন উদ্যমেৰে পৰ্যটকক আদৰিবলৈ পুনৰ সাজু হৈছে ৰাজ্য চৰকাৰ ৷ নগাঁও জিলাৰ কলিয়াবৰতো আৱিস্কাৰ হৈছে পৰ্যটনৰ এনে সম্ভাৱনাপুষ্ট দুই ক্ষেত্ৰ ৷ অতীতৰে পৰা বিভিন্ন সমলেৰে ভৰপূৰ কলিয়াবৰ ৷ দেশী-বিদেশী পৰ্যটকেৰে সমৃদ্ধ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি আৰু বুঢ়াপাহাৰ বনাঞ্চলো অন্তৰ্ভূক্ত কলিয়াবৰত ৷ বৃটিছৰ শাসনকালত স্বীকৃতি লাভ কৰা শিলঘাটেও আকৰ্ষণ কৰে পৰ্যটকক, আকৰ্ষণ কৰে অসম সমবায়ৰ মৰাপাট কলেও ৷ শীতকালত বনভোজৰ বাবে ৰাইজক হাতবাউলি মাতে হাতীমূৰা, কলিয়াভোমোৰা দলঙৰ পাৰ, ভালুকজুৰি আদি স্থানে ৷

কলিয়াবৰৰ পৰ্যটনস্থলী সাজু

কলিয়াবৰৰ বৈষ্ণৱ সংস্কৃতিৰ এক পীঠস্থান হৈছে ছ-অৰা সত্ৰ ৷ গুৰুজনাৰ অংকীয়া ভাওনা, ভাদ মাহ পালন, শ্ৰীকৃষ্ণৰ ৰাসলীলা আদিৰে সমৃদ্ধ কলিয়াবৰ সাংস্কৃতিক পৰ্যটনৰ এক আকৰ্ষণীয় কেন্দ্ৰ হিচাপে গঢ় লোৱাৰ প্ৰচুৰ সম্ভাৱনা আছে ৷ সেই সম্ভাৱনাক বাস্তৱ ৰূপ দিবলৈ সাজু হৈছে কলিয়াবৰ মহকুমা প্ৰশাসন ৷ কৰ’ণা ভাইৰাছৰ আতংকক নেওচি শেহতীয়াভাৱে বুঢ়া চাপৰিলৈ আগমন ঘটে অভিলেখসংখ্যক 8500 গৰাকীৰো অধিক পৰ্যটকৰ ৷ তদুপৰি দেশী-বিদেশী পৰ্যটকেৰে ভৰি আছিল জখলাবন্ধাৰ সমীপৰ নতুন ডাঙ্গাস্থিত কাৰ্বি জনজাতিৰ থলুৱা খাদ্যৰ বিপণী চৰাণ-এহেম ৷ লক ডাউন আংশিকভাৱে প্ৰত্যাহাৰ কৰাৰ পিছত লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যলৈও ক্ৰমাৎ বাঢ়িছে পৰ্যটকৰ সংখ্যা ৷

কলিয়াবৰৰ পুৰণি ডাক বাংলো

পৰ্যটকক আদৰিবলৈ সাজু হৈ উঠিছে কলিয়াবৰৰ কঠালগুৰিস্থিত নীলা পানীৰ হ্ৰদ ৷ সমান্তৰালকৈ সাজু হৈ উঠিছে লুংচুং চাহ বাগিচাস্থিত হদ-হদী জলপ্ৰপাত ৷ পাহাৰৰ পৰা নামি অহা উক্ত স্ৰোতস্বিনী ধাৰাত মিলিত হৈছে চাৰিটাকৈ জলপ্ৰপাত ৷ মুঠৰ ওপৰত অৱসৰ বিনোদন কৰিবলৈ নাইবা আজৰি সময় উদযাপন কৰিবলৈ এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে কলিয়াবৰৰ পৰ্যটনস্থলীসমূহ ৷ তদুপৰি পৰ্যটকক সকলো সুবিধা প্ৰদানৰ বাবে তৎপৰ হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসন ৷

লগতে চাওকঃ চি আৰ পি এফৰ অভিযানত উদ্ধাৰ মাৰণাস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.