নগাঁও, 10 ডিচেম্বৰ: অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থান পৱিত্ৰ বটদ্ৰৱা থানক বিশ্ব পৰ্যটন ক্ষেত্ৰলৈ উন্নীত কৰাৰ মানসেৰে স্বৰ্ণ মন্দিৰৰ আৰ্হিত নিৰ্মাণ হ'ব বটদ্ৰৱা থান । বৃহস্পতিবাৰে বটদ্ৰৱা থান পৰিদৰ্শন কৰি এই কথা সদৰি কৰে বিধায়িকা আঙুৰলতা ডেকাই ৷
বিধায়িকা গৰাকীয়ে সদৰি কৰা অনুসৰি মুঠ ১৮০ বিঘা ভূমি সামৰি নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পত প্ৰতিফলিত হ'ব গুৰু জনাৰ অমূল্য সৃষ্টিৰাজি । ইতিমধ্যে আধাৰশিলা নিৰ্মাণৰ বাবে বৃহৎ আকাৰৰ অস্থায়ী মণ্ডপ তৈয়াৰৰ কাম প্ৰায় সম্পূৰ্ণ হৈ উঠিছে জানিবলে দিয়ে আঙুৰলতা ডেকাই । তদুপৰি মুঠ ১৫৫ কোটি টকা ব্যয়ৰে প্ৰকল্পটো নিৰ্মাণ হ'ব বুলিও তথ্য প্ৰকাশ কৰে বিজেপি নেত্ৰীগৰাকীয়ে ৷ ইফালে অহা ১৫ জানুৱাৰীৰ ভিতৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব বুলি জনায় বিধায়িকা আঙুৰলতাই ।
লগতে পঢ়ক:জইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ