কলিয়াবৰ,15 আগষ্টঃ 42ৰ আন্দোলনত নগাঁও থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা দলটোৰ আগশাৰীৰ নেত্ৰী আছিল গুণেশ্বৰী দেৱী ৷ কলিয়াবৰৰ কংগ্ৰেছী মহিলাৰ নেতৃত্ব দি খাটিছিল তিনিবাৰ কাৰাবাস ৷ কিন্তু পৰিতাপৰ বিষয় যে, তেঁও এই পৰ্যন্ত নাপালে চৰকাৰৰ প্ৰকৃত স্বীকৃতি, নিজৰ জীৱন সামৰিলে 55 টকাৰ পেঞ্চনেৰে ৷
অসমৰ প্ৰথমগৰাকী মহিলা কাৰাবন্দী গুণেশ্বৰী দেৱী - কলিয়াবৰৰ কংগ্ৰেছী মহিলা
প্ৰাপ্য সন্মানৰ পৰা বঞ্চিত হৈ ৰৈছে নেকি গুণেশ্বৰী দেৱী
![অসমৰ প্ৰথমগৰাকী মহিলা কাৰাবন্দী গুণেশ্বৰী দেৱী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4144283-thumbnail-3x2-k.jpg?imwidth=3840)
অসমৰ প্ৰথমগৰাকী মহিলা কাৰাবন্দী গুণেশ্বৰী দেৱী
কলিয়াবৰ,15 আগষ্টঃ 42ৰ আন্দোলনত নগাঁও থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা দলটোৰ আগশাৰীৰ নেত্ৰী আছিল গুণেশ্বৰী দেৱী ৷ কলিয়াবৰৰ কংগ্ৰেছী মহিলাৰ নেতৃত্ব দি খাটিছিল তিনিবাৰ কাৰাবাস ৷ কিন্তু পৰিতাপৰ বিষয় যে, তেঁও এই পৰ্যন্ত নাপালে চৰকাৰৰ প্ৰকৃত স্বীকৃতি, নিজৰ জীৱন সামৰিলে 55 টকাৰ পেঞ্চনেৰে ৷
অসমৰ প্ৰথমগৰাকী মহিলা কাৰাবন্দী গুণেশ্বৰী দেৱী
অসমৰ প্ৰথমগৰাকী মহিলা কাৰাবন্দী গুণেশ্বৰী দেৱী
Intro:ঐতিহ্যমণ্ডিত কলিয়াবৰত মূলাগাভৰুৰ বীৰগাঁথাৰ ধাৰাবাহিকতা ৰক্ষা কৰা বিষ্ময়কৰ মহিলা
তেওঁ আছিল বিয়ালিশৰ আন্দোলনত নগাঁও থানাত পতাকা উত্তোলন কৰিবলৈ যোৱা দলটোৰ আগশাৰীৰ নেতা
অসমৰ সৰ্বপ্ৰথম মহিলা কৰাবন্দী গুণেশ্বৰী দেৱীৰ বিষয়ে আজি কিমানে জানে?
কলিয়াবৰৰ কংগ্ৰেছী মহিলাৰ নেতৃত্ব লৈ খাটিছিল তিনিবাৰ কাৰাবাস
নাপালে চৰকাৰৰ প্ৰকৃত স্বীকৃতি, পাঁচপাৱান্ন টকা পেঞ্চনৰে সামৰিলে জীৱন গুণেশ্বৰী দেৱীয়ে
জখলাবন্ধাত নিৰ্মিত হ'ল মাত্ৰ এটি আৱক্ষ মূৰ্তি, দলঙৰ নামাকৰণৰ প্ৰতিশ্ৰুতি অপূৰ্ণ ৰ'লBody:আহোম ৰমণী বীৰাঙ্গনা মূলাগাভৰুয়ে তূৰ্বকৰ লগত যুঁজ দি প্ৰাণ বিসৰ্জন দি কলিয়াবৰক মহিমামণ্ডিত কৰিছিল। এই মহিমা পিচৰ কালতো কলিয়াবৰৰ সাহসী মহিলাসকলৰ কাৰ্য্যত মূলাগাভৰুৰ সাহসীকতাৰ উমান পোৱা যায়। তেনে এক মহিলা প্ৰয়াত গুণেশ্বৰী দেৱী, ভাৰত স্বাধীনতা আন্দোলন অসমৰ প্ৰথম মহিলা কাৰাবন্দী।
১৯২১ চন, বৃটিছ শাসনৰ লগত জুই-পানীৰ অসযোগ চলি থাকোতেই অসমলৈ গান্ধীজীৰ আগমন। ১৯২১ চনৰ ২২ আগষ্ট তাৰিখে তেজপুৰৰ পৰা জাহজেৰে বৰলুইত পাৰ হৈ পুৱাবেলা ৯:৩০ বজাত শিলঘাটত পদাৰ্পন কৰিলেহি। শিলঘাটৰ কলিয়াবৰ চাহ বাগিচাৰ ডাক বঙলাৰ বাকৰি লোকে লোকাৰণ্য হ'ল। সমবেত ৰাইজৰ আগত ভাৰতৰ মুক্তি সংগ্ৰাম আৰু অসযোগৰ তাৎপৰ্য্য ব্যাখ্যা কৰিলে। সেইদিনাই কলিয়াবৰবাসীৰ মন আৰু হৃদয়ত গান্ধীজীয়ে স্বৰাজৰ বীজ ৰোপন কৰিলে। থানুৰাম ভূঞা, বদন চন্দ্ৰ বৰদলৈ, গণেশ চন্দ্ৰ বৰঠাকুৰ প্ৰভূতি কেইবাগৰাকী লোকে গান্ধীজীৰ চৰণ চুই আন্দোলন কৰিবলৈ অঙ্গীকাৰ কৰিল।
১৯৩০ চনৰ আৰম্ভণিৰ পৰা কলিয়াবৰ কংগ্ৰেছ কমিটি গঠন কৰা হ'ল। এই কমিটিৰ সভাপতি হ'ল গণেশ চন্দ্ৰ বৰঠাকুৰ সভাপতি আৰু সম্পাদক হ'ল তুৱাকান্ত গোস্বামী। জখলাবন্ধাত গণেশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰতে এখন আয়ুৰ্বেদিক ঔষধৰ দোকান আছিল। যাৰ অৱশিষ্ট আজিও বিদ্যমান। সেই দোকান ঘৰটোকে তেখেতে কংগ্ৰেছৰ কাৰ্য্যালয় কৰিবলৈ দিলে। গণেশ চন্দ্ৰ বৰঠাকুৰৰ ঘৰতে আৰম্ভ কৰা কাৰ্য্যালয়ৰ যোগেদি কলিয়াবৰত কংগ্ৰেছ দৃঢ় হ'ল।
জখলাবন্ধাত কংগ্ৰেছৰ কাৰ্য্যালয় খোলাৰ দিন ধৰি বৰঠাকুৰৰ পত্নী হৈ পৰিল আগৰণুৱা কংগ্ৰেছী। গুণেশ্বৰী দেৱীৰ নেতৃত্বত কলিয়াবৰত মহিলা কংগ্ৰেছে প্ৰাণ পালে। কলিয়াবৰৰ মহিলাসকলক একত্ৰিত কৰি পুৰুষৰ সমানে-সমানে স্বাধীনতা আন্দোলনত ভাগ ল'লে। এগৰাকী অবিসম্বাদী নেত্ৰী হৈ স্বামী গণেশ চন্দ্ৰ বৰঠাকুৰৰ প্ৰকৃত সহধৰ্মীনীৰূপে অসহযোগ আন্দোলন, আইন অমান্য আন্দোলন আৰু ভাৰত ত্যাগ আন্দোলনত ভাগ ল'লে। বৃটিছৰ পুলিচী অত্যাচাৰ গা পাতি ল'ল। তিনিওটা আন্দোলনতে বৃটিছে কাৰাদণ্ড দিলে। কাৰাদণ্ডৰ লগতে জৰিমণাৰ ধন পৰিশোধ কৰিবলৈ ঘৰৰ মূল্যবান সা-সামগ্ৰীও বেচিব লগাত পৰে। তথাপিও থমকি নৰ'ল এইগৰাকী স্বাধীনতা প্ৰয়াসী সাহসী মহিলা।
দেশ স্বাধীন হ'ল, উজনি নামনিৰ যাত্ৰাৰ সময়ত ঘৰখন হৈ পৰিল নেতা-মন্ত্ৰীৰ জিৰণি ঘৰ। গুণেশ্বৰী দেৱীয়ে স্বামীৰ সৈতে সেৱা-শুশ্ৰূষা আগবঢ়াইছিল।
১৮৯২ চনৰ ভাদ মাহত জন্মগ্ৰহণ কৰি মুঠেই ন বছৰ বয়সত গণেশ চন্দ্ৰ বৰঠাকুৰৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। কিন্তু নিঃসন্তান গুণশ্বৰী দেৱীয়ে নিজ স্বামীক দ্বিতীয় বিবাহ কৰাবলৈ বাধ্য কৰাইছিল। গণেশ বৰঠাকুৰৰ দ্বিতীয় পত্নীৰ চাৰি পুত্ৰ আৰু এগৰাকী জীয়ৰীখক নিজ পুত্ৰ দৰে লালন-পালন কৰি ১৯৬২ চনৰ ২৫ আগষ্টত পৰলোক গমন কৰে এইগৰাকী সাহসী মহিলাই।
আজিও পো-বোৱাৰী নাতি-পুতিয়ে স-যতনে ৰাখিছে গুণেশ্বৰী দেৱীৰ কিংখাপৰ মেখেলা, বৰ কাপোৰ, তেখেতৰ হাতেৰ ঊণৰ টুপী, মোনা।
১৯৪২ আন্দোলনৰ সময়ত প্ৰায়েই লগত লৈ ফুৰিছিল স্বাধীনতা সংগ্ৰামী গণেশ চন্দ্ৰ বৰঠাকুৰৰ দ্বিতীয়া পত্নীৰ মাজু পুত্ৰ মিত্ৰদেৱ বৰঠাকুৰক। তেখেতেই গুণেশ্বৰী দেৱীৰ গৰিমাময় জীৱনৰ কিছু আভাষ দিলে আমাৰ আগত।Conclusion:visuals
bites