ETV Bharat / state

ৰহাত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে নাজানে নিৰ্বাচনী প্ৰচাৰ চলোৱা ঠাইৰ নাম

author img

By

Published : Mar 18, 2021, 1:27 PM IST

ৰহা সমষ্টিত মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী বিষ্ণু দাসে একাংশ সমৰ্থকক লগত লৈ ভোটাৰৰ মন জয় কৰিবলৈ ৰহা সমষ্টিৰ বিভিন্ন স্থানত বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে কেইবাখনো প্ৰচাৰ সভাত অংশ লোৱা পৰিলক্ষিত হয় । কিন্তু তাৰ মাজতে সভাত ঘটিল অথন্তৰ ৷ প্ৰাৰ্থী গৰাকীয়ে পাহৰিলে থাকিলে ক'ত, কেতিয়া প্ৰচাৰ চলালে ? সভাত কিমান মিানুহ উপস্থিত থাকিলে ?

ৰহাত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে নাজানে নিৰ্বাচনী প্ৰচাৰ চলোৱা ঠাইৰ নাম
ৰহাত মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে নাজানে নিৰ্বাচনী প্ৰচাৰ চলোৱা ঠাইৰ নাম

বঢ়মপুৰ,18 মাৰ্চ: নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰচাৰত ব্যস্ত হৈ পৰিছে ৰাজনৈতিক দলৰ প্ৰাৰ্থীসমূহ ৷ কি শাসকীয় দল, কি বিৰোধী সকলোৱে ব্য়স্ত হৈ পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷ আন আন সমষ্টি সমূহৰ দৰে ৰহা সমষ্টিটো চলিছে নিৰ্বাচনী প্ৰচাৰ ৷ ৰহা সমষ্টিত মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী বিষ্ণু দাসে একাংশ সমৰ্থকক লগত লৈ ভোটাৰৰ মন জয় কৰিবলৈ ৰহা সমষ্টিৰ বিভিন্ন স্থানত বাইক ৰেলীৰে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগতে কেইবাখনো প্ৰচাৰ সভাত অংশ লোৱা পৰিলক্ষিত হয় । কিন্তু তাৰ মাজতে সভাত ঘটিল অথন্তৰ ৷ প্ৰাৰ্থী গৰাকীয়ে পাহৰিলে থাকিলে ক'ত, কেতিয়া প্ৰচাৰ চলালে ? সভাত কিমান মানুহ উপস্থিত থাকিলে ?

একেদৰে, আন এক অথন্তৰ লাগিল ৰহাৰ প্ৰচাৰ সভাত ৷ সভাখন নিৰ্ধাৰিত সময় আছিল দুপৰীয়া এক বজাত; কিন্তু আবেলি চাৰি বজা পৰ্যন্ত প্ৰাৰ্থী গৰাকী উপস্থিত নোহোৱাত বহু সংখ্যক সমৰ্থক ক্ষোভিত হৈ ঘৰলৈ উভতি যায়। ইফালে প্ৰাৰ্থী গৰাকীৰ সমষ্টিত কিমান জন প্ৰতিদন্দ্বী আছে সেয়াও নাজানে ৷ তথাপিও কিন্তু কংগ্ৰেছৰ প্ৰাৰ্থী শশী দাসৰ সৈতে প্ৰতিদ্বন্দিতা হ'লেও ১৫ হাজাৰ ভোটত জয়ী হ'ব বুলি মন্তব্য কৰে বিষ্ণু দাসে ৷

লগতে পঢ়ক: টিংখাঙৰ বিশাল নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.