ETV Bharat / state

কলিয়াবৰৰ এটা আদৰ্শ অংগনবাদী কেন্দ্ৰ

author img

By

Published : Jun 17, 2021, 9:54 AM IST

কলিয়াবৰৰ শাকমুঠিয়া চাহ বাগিচাৰ অন্তৰ্গত জামুনদাঙা অংগনবাদী কেন্দ্ৰটো শ্ৰেষ্ঠ অংগনবাদী কেন্দ্ৰৰূপে গঢ়ি তুলিছে কেন্দ্ৰটোৰ কৰ্মী বীণা কালিন্দীয়ে ৷ আংশিক লক ডাউনৰ মাজতো কেন্দ্ৰটোলৈ প্ৰতিদিনে আহি কেন্দ্ৰটো আকৰ্ষণীয় ৰূপত গঢ়ি তুলিছে ৷

the act of appreciation by An Anganwadi worker from Kaliabar
কালিয়াবৰৰ এগৰাকী অংগনবাদী কৰ্মীৰ শলাগ ল’বলগীয়া কাৰ্য

কলিয়াবৰ, 17 জুন : বৰ্তমান আংশিক লক ডাউনে স্তব্ধ কৰিছে জনজীৱন । কিন্তু এই আংশিক লক ডাউনতো কলিয়াবৰ মহকুমাৰ চাহ জনজাতি অধ্যুষিত এলেকাৰ এগৰাকী অংগনবাদী কৰ্মীৰ নিষ্ঠাৱান সেৱাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ।

কলিয়াবৰ মহকুমাৰ শাকমুঠিয়া চাহ বাগিচাৰ অন্তৰ্গত জামুনদাঙা অংগনবাদী কেন্দ্ৰৰ কৰ্মী বীণা কালিন্দীয়ে ক'ৰণা সৃষ্ট এই সময়চোৱাতো কেন্দ্ৰটোলৈ প্ৰতিদিনে আহি কেন্দ্ৰটো বাহিৰে-ভিতৰে অতি আকৰ্ষণীয় কৰি তুলিছে । উল্লেখ্য যে, ২০০৭ চনত চাহ জনজাতি অধ্যুষিত এলেকাত স্থাপিত হোৱা কেন্দ্ৰটো অতি নিয়াৰিকৈ কৰ্মী বীণা কালিন্দীয়ে চলাই নিয়াৰ বাবে ২০১৬ চনত কলিয়াবৰ মহকুমাৰ তদানীন্তন মহকুমাধিপতি মধুমিতা ভাগৱতীয়ে গণৰাজ্য দিৱসত কৰ্মীগৰাকীক শ্ৰেষ্ঠ অংগনবাদী কৰ্মীৰ বঁটাৰে সন্মান জনায় । তদুপৰি কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই বীণা কালিন্দীক সু-সমাজসেৱিকা হিচাপে সন্মান জনায় ৷

অংগনবাদী কৰ্মীৰ প্ৰচেষ্টাত গঢ়ি উঠা কেন্দ্ৰটো

এই অংগনবাদী কেন্দ্ৰটোত আছে শিশুসকলৰ বাবে এখনি সুদৃশ্য প্ৰাচীৰ পত্ৰিকা । সাহিত্য চৰ্চা কৰা বীণা কালিন্দীয়ে শিশুসকলৰ বাবে শিশু উপযোগী গল্প-কবিতাৰে শিশুসকলৰ মনত আমোদ দি সুস্থ মানসিকতা গঢ়াত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । ইয়াৰ লগতে কেন্দ্ৰটোৰ চৌহদতে গঢ়ি তুলিছে এখনি ফুলৰ বাগিচা । কেন্দ্ৰৰ চৌহদত খেতি কৰা শাক-পাচলিৰে শিশুসকলৰ বাবে খাদ্য ৰান্ধিছিল কৰ্মীগৰাকীয়ে । সেই সূত্ৰে কেন্দ্ৰটোৱে শিক্ষা বিভাগৰ পৰা লাভ কৰিছে এক দৃশ্য-শ্ৰব্য সঁজুলি তথা প্ৰজেক্টৰ ।

কিন্তু কিছু চৰকাৰী জটিলতাৰ বাবে শাকমুঠি বাগিচা কৰ্তৃপক্ষই কেন্দ্ৰটোত বিজুলী যোগান ধৰাৰ পৰা বিৰত থাকে ৷ সেয়েহে বীণা কালিন্দীয়ে কিছু দূৰৈত থকা নিজ গৃহৰ পৰাই বিজুলী সংযোগ কৰি শিশুসকলৰ শিক্ষাদান চলাই গৈছিল ৷ বৰ্তমান চৰকাৰী নিৰ্দেশনাৰ বাবে কেন্দ্ৰটো বন্ধ থকাত এনেবোৰ কামত কিছু অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলিও উল্লেখ কৰে কালিন্দীয়ে । কৰ্মী গৰাকীৰ এনে নিষ্ঠাবান সেৱাৰ শলাগ লৈছে সকলোৱে ।

লগতে পঢ়ক : জন্মদিন পালনৰ ধন সাহায্য পুঁজিলৈ আগবঢ়ালে কণমাণি জাহ্নৱীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.