ETV Bharat / state

Dead body recovered: কামপুৰত পথৰ দাঁতিত উদ্ধাৰ শিক্ষকৰ মৃতদেহ

author img

By

Published : Mar 25, 2023, 10:22 PM IST

নগাৱঁৰ কামপুৰত পথৰ দাঁতিত উদ্ধাৰ শিক্ষকৰ মৃতদেহ । দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ স্থানীয় ৰাইজৰ । শিক্ষকগৰাকী তে‍ঁতেলীসৰা মাহনিআটীৰ গিৰীন গগৈ বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে (TET teacher dies due to poor roads at Kampur) ৷

Dead body recovered
নগাৱঁৰ কামপুৰত চাঞ্চল্য

নগাওঁ, 25 মাৰ্চ : নগাঁৱৰ কামপুৰত চাঞ্চল্য ৷ কামপুৰত পথৰ দাঁতিত উদ্ধাৰ এগৰাকী টেট শিক্ষকৰ মৃতদেহ । দুৰ্ঘটনাত পতিত হৈ মৃত্যু ঘটাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে । কামপুৰ কঠীয়াতলী গড়কাপ্তানি পথৰ তেঁতেলীসৰাৰ বামুণ দলঙৰ ওচৰত আজি পুৱাৰ ভাগত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে টেট শিক্ষকগৰাকীৰ মৃতদেহটো (Dead body recovered at Nagaon) ।

প্ৰাপ্ত বাতৰি মতে স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ ইয়াৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হয় ৷ পথৰ দাঁতিত পৰি থকা মৃতদেহটো তে‍ঁতেলীসৰা মাহনিআটীৰ গিৰীন গগৈ বুলি চিনাক্ত কৰে স্থানীয় ৰাইজে । গিৰীন গগৈ কামপুৰ কান্দাপাৰা প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত এগৰাকী টেট শিক্ষক বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে (TET teacher dies due to poor roads at Kampur) ।

স্থানীয় ৰাইজে পথ দুৰ্ঘটনাত শিক্ষক জনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰাৰ লগতে বান বিধ্বস্ত এলেকাটোৰ জৰাজীৰ্ণ পথৰ বাবে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ উত্থাপিত কৰিছে । উল্লেখ্য যে বানে ধোঁৱা এলেকাটোত ৰাস্তা-ঘাট মেৰামতিৰ বাবে স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাত পথটিৰে বিপদসংকুলভাৱে যাতায়ত কৰিবলগীয়া হৈছে স্থানীয় ৰাইজে ৷ বাৰাম্বাৰ স্থানীয় বিধায়কক পথটি মেৰামতিৰ বাবে আবেদন জনাই অহা হৈছে যদিও বিষয়টো তথা সমষ্টিবাসীৰ সুবিধা-অসুবিধাৰ প্ৰতি স্থানীয় বিধায়কে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ কৰে স্থানীয় ৰাইজে (Poor road condition in Nagaon) ৷

তেঁতেলীসৰাৰ বামুণ দলঙৰ ওচৰত পৰি থকা শিক্ষক গিৰীন গগৈৰ মৃতদেহৰ কাষত শিক্ষকজনৰ মটৰ চাইকেল খনো উদ্ধাৰ কৰা হৈছে বুলি স্থানীয় সূত্ৰত প্ৰকাশ ৷ বাহন খনৰ নম্বৰ AS 03 P5975 । ইপিনে ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত উপস্থিত হোৱা কামপুৰ আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে (Nagaon Hospital) ।

উল্লেখযোগ্য যে মৃত শিক্ষক জনৰ প্ৰকৃত ঘৰ বোকাখাটত যদিও নগাৱঁৰ মাহনিআটীতে স্থায়ী ভাবে বসবাস কৰিছিল (Body found in shocking condition at Kampur)।

লগতে পঢ়ক : Rahul Gandhi disqualify issue : অযোগ্য ঘোষণাৰ পাছত ৰাহুল গান্ধীৰ প্ৰথম প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.