চামগুৰি, ৪ ডিচেম্বৰ: মানৱ সৃষ্ট প্ৰায় ১৫০ ফুট গভীৰ নীলাপানী হ্ৰদৰ বাবে চৰ্চিত হৈ পৰিছে প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ নগাঁও-কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী কঠালগুৰি অঞ্চল । কলিয়াবৰ মহকুমা প্ৰশাসনে ঠাইখনক পৰ্যটনথলী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা হাতত লৈছে । পৰ্যটন ক্ষেত্ৰখনক কেন্দ্ৰ কৰি পিচপৰা অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন তথা কাৰ্বি লোকসকলৰ আৰ্থিক দিশটো টনকিয়াল কৰাৰ উদ্দেশ্যে প্ৰশাসনে এক প্ৰশসনীয় পদক্ষেপ গ্ৰহণ কৰিছে ।
প্ৰশাসনৰ উদ্যোগত 'চুচান আংলং ট্ৰ'ৰিজিম কমিটি'ৰ ব্যৱস্থাপনাত তথা 'জাৰ্নেলিষ্ট ইউনিয়ন'ৰ কলিয়াবৰ জিলা সমিতিৰ লগতে চামগুৰি ৰঙিলী শিল্পালয়ৰ সহযোগত মৃৎ শিল্পৰ ১০ দিনীয়া কৰ্মশালাৰ আয়োজন কৰা হৈছে । অঞ্চলটোৰ একমাত্ৰ প্ৰেক্ষাগৃহটিত অনুষ্ঠিত হোৱা কৰ্মশালাত মৃন্ময় মূৰ্তি তৈয়াৰ কৰাৰ প্ৰশিক্ষণ দিয়া হৈছে । ইয়াৰ জৰিয়তে প্ৰশিক্ষণপ্ৰাপ্ত লোকসকলে পিছলৈ নীলাপানী হ্ৰদ দৰ্শন কৰিবলৈ অহা দেশী-বিদেশী পৰ্যটকসকলক পৰম্পৰাগত শৈলীৰে সাজি উলিওৱা মৃন্ময় মূৰ্তিসমূহ বিক্ৰী কৰিব পাৰিব ।
এই কাৰ্যৰ জৰিয়তে কেৱল কাৰ্বি কৃষ্টি-সংস্কৃতি প্ৰচাৰ কৰায়ে নহয়, অঞ্চলবাসীৰ আৰ্থিক উন্নয়ন সাধনৰ বাট সুচল হ'ব বুলি আশাবাদী উদ্যোক্তাসকল । লক্ষণীয়ভাৱে নগাঁও জিলাৰ ৪ গৰাকীকৈ প্ৰসিদ্ধ শিল্পীয়ে ১০ দিনৰ বাবে প্ৰশিক্ষণ প্ৰদান কৰিবলগীয়া মৃৎ-শিল্পৰ কৰ্মশালা খনৰ প্ৰথম দিনকেইটাতে অঞ্চলটোৰ ভালেসংখ্যক শিশু, কিশোৰ-কিশোৰীয়ে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় । উল্লেখ্য যে, চামগুৰিৰ নৱতম পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ় লৈ উঠা নীলাপানী হ্ৰদৰ অপৰূপ সৌন্দৰ্য দৰ্শন কৰিবলৈ আহি হ্ৰদৰ পানীত নমা অথবা সাঁতোৰাৰ ক্ষেত্ৰত ১৪৪ ধাৰা জাৰি কৰি অনিৰ্দিষ্ট কাললৈ নিষিদ্ধ কৰি থৈছে কলিয়াবৰ মহকুমা প্ৰশাসনে । কিয়নো, শেহতীয়াকৈ অসাৱধানতাবশতঃ কেইবাটাও সৰু-বৰ অঘটন সংঘটিত হৈছে নীলাপানী হ্ৰদত ।
লগতে পঢ়ক:অভয়াপুৰীত ৰাস পূজা সমিতিৰ সম্পাদকক আক্ৰমণ দুৰ্বৃত্তৰ