ETV Bharat / state

জেহাদীৰ পক্ষত আমি বিন্দু মাত্ৰও সহানুভূতি দেখুওৱা উচিত নহয় : ময়ূৰ বৰা

author img

By

Published : Sep 5, 2022, 6:50 PM IST

নগাঁৱৰ ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত আয়োজন কৰা হয় শিক্ষক দিৱসৰ কাৰ্যসূচী (Teachers day celebrated at Ramanujan Junior College) ৷ শিক্ষক দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে লেখক তথা সমালোচক ময়ূৰ বৰাই ।

Teachers day celebrated at Ramanujan Junior College
জেহাদীৰ পক্ষত আমি বিন্দু মাত্ৰও সহানুভূতি দেখুৱা উচিত নহয় : ময়ূৰ বৰা

নগাঁও, 5 ছেপ্টেম্বৰ : সোমবাৰে সমগ্ৰ দেশজুৰি উদযাপন কৰা হয় শিক্ষক দিৱস (Teachers Day 2022) । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লেখীয়াকৈ নগাঁৱৰো বিভিন্ন প্ৰান্তত উদযাপন কৰা হয় শিক্ষক দিৱসৰ কাৰ্যসূচী (Teachers day celebrated in Nagaon)। নগাঁৱৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান ৰামানুজন কণিষ্ঠ মহাবিদ্যালয়ৰ উদ্যোগত আয়োজিত শিক্ষক দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে লেখক তথা সমালোচক ময়ূৰ বৰাই ।

শিক্ষক দিৱসৰ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংবাদিকৰে সৈতে হোৱা এক সাক্ষাৎকাৰত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত মন্তব্য কৰে লেখক ময়ূৰ বৰাই । ৰোহিংগিয়াক ভাৰতে লোৱা প্ৰসংগৰ বিৰোধিতা কৰি শিক্ষাবিদ ময়ূৰ বৰাৰ মন্তব্য, ‘‘ভাৰতত স্বাধীনতাৰ আগৰে পৰা প্ৰব্ৰজন আৰু অনুপ্ৰৱেশ ঘটিয়েই আছে । অনুপ্ৰৱেশকাৰী মানুহকলৈ এচাম ৰাজনীতিবিদে অসমৰ মানুহক বিপদত পেলাই ভোট বেংক নিৰ্মাণ কৰিছিল । ৰোহিঙীয়াৰ বোজা পৃথিৱীৰ অন্য দেশে লওঁক’’ ৷

ইয়াৰ লগতে জেহাদীৰ প্ৰসংগতো লেখক ময়ূৰ বৰাই কয়, ‘‘জেহাদীৰ পক্ষত আমি বিন্দু মাত্ৰও সহানুভূতি দেখুৱা উচিত নহয় । জেহাদীৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে । জেহাদীৰ বিৰুদ্ধে আৰক্ষী আৰু ৰাজনৈতিক মহলে সষ্টম হৈ যি ব্যৱস্থা লৈছে তাত আমাৰ একো আপত্তি নাই’’ ।

লগতে পঢ়ক : বিহংগম দৃষ্টিত শিক্ষক দিৱস আৰু অসমৰ শিক্ষক সমাজ

কিন্তু মাদ্ৰাছাসমূহত বিজ্ঞানসন্মত শিক্ষা দিয়া হয় নে নহয় সেইটোহে নিশ্চিত কৰিব লাগে বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ময়ূৰ বৰাই ৷ আনকি মাদ্ৰাছা ধ্বংস কৰাৰ ক্ষেত্ৰত সেই সমাজৰ মানুহৰ লগত আলোচনা কৰি এটা সিদ্ধান্ত ল’ব লাগে বুলিও উল্লেখ কৰে লেখকগৰাকীয়ে ।

বিদ্যালয় বন্ধ অথবা একত্ৰীকৰণ সন্দৰ্ভত লোখক ময়ূৰ বৰাই কয়, ‘‘ছাত্ৰ-ছাত্ৰী নথকাৰ বাবে যদি বিদ্যালয়সমূহ একত্ৰীকৰণ কৰিছে তাত আপত্তি নাই । একত্ৰীকৰণৰ নামত বিদ্যালয় বন্ধ কৰাটো কেতিয়াও সমৰ্থন কৰিব নোৱাৰো’’ । আনহাতে, নগাঁও জিলাৰ পুৰণিগুদামত থকা ভোলানাথ বৰুৱা বিদ্যালয়খন একত্ৰীকৰণৰ বিৰোধিতা কৰে লেখক ময়ূৰ বৰাই ।

চৰকাৰে একত্ৰীকৰণৰ নামত ভোলানাথ বৰুৱা বিদ্যালয়খন বন্ধ নকৰিবলৈ আহ্বান জনাই লেখকগৰাকীয়ে । ভোলানাথ বৰুৱা বিদ্যালয়খন একত্ৰীকৰণ কৰিলে সেইখন বিদ্যালয়ৰ নাম যাতে চৰকাৰে ভোলানাথ বৰুৱাৰ নামেৰে নামাকৰণ কৰে তাৰ বাবেও চৰকাৰক আহ্বান জনাই লেখক তথা সমালোচক ময়ূৰ বৰাই ।

লগতে পঢ়ক : আজি শিক্ষক দিৱস: শিক্ষকসকল দেশৰ সৰ্বশ্ৰেষ্ঠ মন হ'ব লাগে- ৰাধাকৃষ্ণন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.