ETV Bharat / state

হাইস্কুল শিক্ষান্ত পৰীক্ষা বাতিলক লৈ শিক্ষকৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jun 23, 2021, 11:39 AM IST

ৰাজ‍্যত কৰ'ণা সংকট, বাতিল দুটাকৈ চুড়ান্ত পৰীক্ষা ৷ কলিয়াবৰত প্ৰতিক্ৰিয়া প্ৰকাশ শিক্ষকৰ ৷ পৰীক্ষা বাতিলৰ সিদ্ধান্ত আৰু মূল্যয়ন পদ্ধতিয়ে আশাহত কৰিছে ছাত্ৰ-শিক্ষক-অভিভাৱক সকলক ৷

teacher-reacts-on-cancellation-of-hslc-exam-at-kaliabor
HSLC পৰীক্ষা বাতিলক লৈ শিক্ষকৰ প্ৰতিক্ৰিয়া

কলিয়াবৰ, 23 জুন : বহু মেধাৱী শিক্ষাৰ্থীৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা যেন এক আৱেগ । হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ত ভালদৰে উত্তীৰ্ণ হৈ পৰিয়ালৰ লগতে অঞ্চলটোৰ বাবে সুনাম অৰ্জন কৰাটো সেইসকল মেধাৱী শিক্ষাৰ্থীৰ সপোন । গাঁৱে-ভূঞে হাইস্কুল শিক্ষান্ত পৰীক্ষা এক উৎসৱৰ দৰে বুলি ক'লেও ভুল কোৱা নহ'ব । স্কুলত নামভৰ্তিৰ পৰা সকলো শিক্ষাৰ্থীৰ অভিভাৱকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ দিনটোলৈ অপেক্ষা কৰি থাকে ।

কিন্তু কৰ'ণাই(Corona) যেন সকলো আশা, সকলো সপোন ভাঙি চূড়-মাৰ কৰি দিলে । সম্প্ৰতি ৰাজ্যখনত সংক্ৰমণ অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে (Education Department) এক কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল । বাতিল হ'ল হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা । স্বাভাৱিকতেই আশাহত হ'ল ছাত্ৰ-ছাত্ৰী, অভিভাৱকৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকল ।

কলিয়াবৰতো ছাত্ৰ-ছাত্ৰী সকলৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী সকলকো পৰীক্ষাৰ মূল্যায়নৰ বিষয়টোৱে চিন্তিত কৰি তুলিছে । কলিয়াবৰৰ আগশাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয় শিশু বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকসকলো চেবা (SEBA)ৰ পৰীক্ষাৰ মূল্যায়নৰ পদ্ধতিk লৈ গভীৰ চিন্তা প্ৰকাশ কৰিছে । ১৯৯১ চনত স্থাপিত হোৱা বিদ্যালয়খনে বিগত সোতৰ বছৰে এশ শতাংশ উত্তীৰ্ণৰে এক অভিলেখ কৰি আহিছিল কলিয়াবৰত ।

কিন্তু এইবাৰ পৰীক্ষা বাতিল হোৱাৰ পিছতে শিক্ষক-শিক্ষয়িত্ৰী সকলে ব্যক্ত কৰিলে মনৰ কথা । বাচনি পৰীক্ষাৰ পাছত ছাত্ৰ-ছাত্ৰীসকলে চুড়ান্ত পৰীক্ষালৈ গভীৰ প্ৰত্যয়ৰে প্ৰস্তুতি চলাইছিল । কৰ'ণাসৃষ্ট পৰিৱেশৰ বাবে পৰীক্ষাক লৈ দোধোৰ-মোধোৰত পৰিছিল যদিও শিক্ষা মন্ত্ৰীৰ ঘোষণাই ছাত্ৰ-ছাত্ৰীসকলৰ মুখত হাঁহি বিৰিঙাইছিল । কিন্তু, শেহতীয়াকৈ পুনৰ ৰাজ্যৰ কৰ’ণাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষামন্ত্ৰীৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত আৰু মূল্যায়ন পদ্ধতিয়ে ছাত্ৰ-শিক্ষক-অভিভাৱক সকলক আশাহত কৰিছে ।

লগতে পঢ়ক : কলগাছিয়াত অব্যাহত বেকী নৈৰ বিধ্বংসী গৰাখহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.