চামগুৰি, ৭ ফেব্ৰুৱাৰী: শেহতীয়াকৈ ৰাজ্য় চৰকাৰে কেইবাহাজাৰ শিক্ষকক নতুনকৈ নিযুক্তি প্ৰদান কৰিছে । কিন্তু এই নিযুক্তিকলৈ সন্তুষ্ট নহয় ৰাজ্য়ৰ একাংশ শিক্ষক । যাৰ বাবে সদৌ অসম স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী শিক্ষক সন্থাই দেওবাৰে বটদ্ৰৱাৰ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন ভৱনত এক সংবাদমেল সম্বোধন কৰি এই নিযুক্তি উচিত নহয় বুলি দাবী কৰে । সংবাদমেলত সদৌ অসম স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী শিক্ষক সন্থাৰ সম্পাদক শ্বেখ আব্দুল্লাহ আৰু সদৌ অসম শিক্ষক সুৰক্ষা মঞ্চৰ সম্পাদক চৰিত্ৰ গগৈয়ে চৰকাৰৰ এই বিসংগতি মূলক নিযুক্তি দিয়াতকৈ নিদিয়া ভাল বুলি সমালোচনা কৰে । তেওঁলোকৰ দাবী চৰকাৰে তেওঁলোকক শিক্ষকৰ মৰ্যাদা নিদিলেও মৃত্য়ু পৰ্যন্ত শিক্ষাদান কৰি যাব । তেওঁলোকক টিউটৰ হিচাপে দিয়া কাৰ্যক সমালোচনা কৰি কয় যে চৰকাৰৰ এই কাৰ্যত তেওঁলোক অপমানিত হৈছে ।
চৰকাৰৰ এই বিসংগতিপূৰ্ণ নিযুক্তিকলৈ পুনৰ তেওঁলোক আন্দোলন কৰিব বুলিও হুংকাৰ দিয়ে । সমগ্ৰ বিষয়কলৈ অহা ৯ ফেব্ৰুৱাৰীত নগাঁও চহৰৰ সাহিত্য সভাৰ কমলা দেৱী টোডী ভৱনত ৰাজ্যিক ভিত্তিত এখনি সভাৰ আহ্বান কৰিছে সদৌ অসম স্বীকৃতিপ্ৰাপ্ত মধ্যা ইংৰাজী শিক্ষক সন্থাই । যি সকল শিক্ষকে ২০-৩০ বছৰ ধৰি শিক্ষা দান কৰা পাছতো চৰকাৰৰ প্ৰাদেশিকীকৰণত নাম অন্তৰ্ভুক্ত হোৱা নাই সেই সকলৰো শীঘ্ৰে নিযুক্তিৰ দাবী তুলিলে সন্থাৰ লগতে সদৌ অসম শিক্ষক সুৰক্ষা মঞ্চই ।
উল্লেখ যে সংবাদমেলত সদৌ অসম স্বীকৃতিপ্ৰাপ্ত মধ্য ইংৰাজী শিক্ষক সন্থাৰ কেন্ত্ৰীয় সাংগঠনিক সম্পাদক ইনামুল হক, নগাঁও জিলা সম্পাদক ইচাহাক আলী, বটদ্ৰৱা ব্লকৰ সভাপতি কৃষ্ণ নাথ, কঠিয়াতলি ব্লকৰ সভাপতি নুৰ হুছেইন, সম্পাদক তৰু প্ৰসাদ শৰ্মা, হাচনাৰা বেগমকে প্ৰমুখ্য কৰি কেইবাগৰাকী শিক্ষক উপস্থিত থাকে।