নগাঁও,10 ডিচেম্বৰ : ৰাজ্যৰ ভিন্নপ্ৰান্তৰ লগতে ৰূপহীহাটৰ জুৰীয়াতো অসম আন্দোলনৰ প্ৰথমগৰাকী শ্বহীদ খগেশ্বৰ তালুকদাৰৰ স্মৃতি দিৱস পালন ৷ উক্ত দিৱসৰ লগত সংগতি ৰাখি 855 জন শ্বহীদক সুঁৱৰি ৰূপহী আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত জুৰীয়া শাখা আঞ্চলিক ছাত্ৰ সন্থাই উদযাপন কৰে শ্বহীদ দিৱস ৷ অনুষ্ঠানত শ্বহীদ বেদীত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পণ কৰাৰ লগতে শ্বহীদক সোঁৱৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা কৰে ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷ উক্ত অনুষ্ঠানত উপস্থিত থকা তথা অসম আন্দোলনত জড়িত প্ৰাক্তন ছাত্ৰ সন্থাৰ সদস্য তথা ছাত্ৰ নেতাক সম্বৰ্ধনা জ্ঞাপন কৰে বৰ্তমানৰ ছাত্ৰ সন্থাৰ কৰ্মীয়ে ৷
![Swahid diwas clelebration at Morigaon and Nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9836077_764_9836077_1607620434184.png)
ইফালে মৰিগাঁৱতো ছাত্ৰ সন্থাৰ কৰ্মী সকলে পালন কৰে অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ সোঁৱৰণী দিৱস ৷ ছাত্ৰ নেতা গৰাকীক সুঁৱৰি মৰিগাঁও জিলা দন্দুৱা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত দন্দুৱাৰ পঞ্চ শ্বহীদৰ বেদীত শ্ৰদ্ধাঞ্জলি জনাই ছাত্ৰ সন্থাৰ কৰ্মী সকলে ৷ যিসকল শ্বহীদ আৰু নিৰ্যাতিত পৰিয়াললে ন্যায্যপ্ৰাপ্তিৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকক শীঘ্ৰে চৰকাৰে সকলো সা সুবিধা প্ৰদান কৰিব লাগি বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মৰিগাঁও সদৰ ছাত্ৰ সন্থাৰ উপসভাপতি কুঞ্জ বৰাই ৷
![Swahid diwas clelebration at Morigaon and Nagaon](https://etvbharatimages.akamaized.net/etvbharat/prod-images/9836077_396_9836077_1607620411234.png)