ETV Bharat / state

বৃক্কৰ ৰোগত আক্ৰান্ত হৈ শয‍্যাশায়ী কলিয়াবৰৰ পূৰ্ণ - tezpur medical collage

বৃক্কৰ জটিল ৰোগত আক্ৰান্ত কলিয়াবৰৰ এজন ছাত্ৰ । কলিয়াবৰৰ ফুলগুৰি চাঙৰ নৱম শ্ৰেণীৰ ছাত্ৰ পূৰ্ণ বাহাদুৰ ছেত্ৰী বিগত চাৰিমাহে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ শয‍্যাশায়ী হৈ দিন পাৰ কৰিব লগীয়া হৈছে ।

student-need-help-to-recover-from-kidny-trouble
বৃক্কৰ ৰোগত আক্ৰান্ত হৈ শয‍্যাশায়ী কলিয়াবৰৰ পূৰ্ণ
author img

By

Published : Jul 7, 2021, 9:02 PM IST

কলিয়াবৰ, 7 জুলাই : খেল-ধেমালি পঢ়া-শুনা কৰাৰ বয়সতে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত কলিয়াবৰৰ এগৰাকী দৰিদ্ৰ ছাত্ৰ ৷ ছাত্ৰ জনৰ নাম পূৰ্ণ বাহাদুৰ ছেত্ৰী ৷ কলিয়াবৰৰ ফুলগুৰি চাঙৰ নৱম শ্ৰেণীৰ ছাত্ৰ এইজন ৷ বিগত চাৰিমাহে বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ শয‍্যাশায়ী হৈ দিন পাৰ কৰিব লগা হৈছে।

চিকিৎসাৰ অভাৱত তিল-তিলকৈ কষ্ট ভোগ কৰি থকা পুত্ৰৰ মুখলৈ চাই দিন পাৰ কৰিছে অসহায় পিতৃ-মাতৃয়ে । দিন হাজিৰা কৰা পিতৃয়ে প্ৰথমে জখলাবন্ধা গ্ৰাম‍্য চিকিৎসালয়ত ভৰ্তি কৰিছিল যদিও চিকিৎসকে এটা মাহৰ পূৰ্বেই তেজপুৰ মেডিকেল কলেজ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিছিল ছাত্ৰজনক । কিন্তু অৰ্থৰ অভাৱত বিগত এটা মাহে বিচনাতে পৰি থকাৰ পিছত স্থানীয় লোকসকলে কিঞ্চিৎ সহায় আগবঢ়াই ছাত্ৰজনক তেজপুৰ মেডিকেল কলেজ চিকিৎসালয়ত ভৰ্তি কৰে ।

শয‍্যাশায়ী কলিয়াবৰৰ পূৰ্ণ

বৰ্তমান ছাত্ৰজনৰ চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে যথেষ্ট পৰিমাণৰ অৰ্থৰ । দিন হাজিৰা কৰা পিতৃ-মাতৃয়ে অসমবাসীৰ পৰা বিচাৰিছে সহায়ৰ হাত । হৃদয়বান ব্যক্তিসকলে মাতৃ টিয়ামাই ছেত্ৰীৰ একাউণ্ট নং 35286607496, IFSC SBIN 0004273 নম্বৰত কিছু সাহায্যৰে সহায় আগবঢ়াবলৈ অথবা 8135946447 নম্বৰত যোগাযোগ কৰি সহযোগিতা আগবঢ়াবলৈ কাতৰ আহ্বান জনাইছে । আপোনালোকৰ অকনমান সহায়েই হ'ব পূৰ্ণ বাহাদুৰ সুস্থ হোৱাৰ আৰ্শীবাদ ।

লগতে পঢ়ক:নিবনুৱা নিযুক্তিৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি নকৰিবলৈ আহ্বান পৰেশ বৰুৱাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.