ETV Bharat / state

অশ্লীল মন্তব্য কৰি শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ হ’ল বিমান - অশ্লীল মন্তব্য

নিজে পঢ়া শিক্ষানুষ্ঠানৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি শিক্ষানুষ্ঠানখনৰ পৰা বহিষ্কৃত এজন ছাত্ৰ ৷ দ্বাদশ শ্ৰেণীৰ ছাত্ৰজনে চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিয়াৰ পূৰ্বে বহিব নোৱাৰিব শ্ৰেণীকোঠাত ৷ মহাবিদ্যালয় কৰ্তৃপক্ষৰ এই নিৰ্দেশৰ পাচতে মানসিক চাপত ভুগিছে ছাত্ৰজন ৷ অধিক জানিবলৈ সম্পূৰ্ণকৈ পঢ়ক...

student-expelled-from-college-for-making-obscene-remarks-in-nagaon
অশ্লীল মন্তব্য কৰি শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ হ’ল বিমান
author img

By

Published : Sep 22, 2021, 10:02 AM IST

চামগুৰি, 22 ছেপ্তেম্বৰ: নিজ শিক্ষানুষ্ঠানৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি ৰোষত পৰিছে এজন ছাত্ৰ ৷ নিজে পঢ়া মহাবিদ্যালয়খনৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰি শিক্ষানুষ্ঠানখনৰ পৰা বহিষ্কাৰ হ’বলগীয়া হৈছে এজন ছাত্ৰ ৷ এয়া নগাঁৱৰ কনিষ্ঠ মহাবিদ্যালয় কলং কপিলী বিদ্যাপীঠ(Kalong-Kapili Vidyapith Junior College)ৰ ঘটনা ৷

ঘটনাৰ বিৱৰণী মতে, মহাবিদ্যালয়খনৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ বিমান শইকীয়াই 9 ছেপ্তেম্বৰত হোৱাটছ এপযোগে নিজে অধ্যয়ন কৰা মহাবিদ্যালয়খনৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰিছিল ৷ ইয়াৰ পাচতে মহাবিদ্যালয় কৰ্তৃপক্ষই এই কথা গম পাই মহাবিদ্যালয়খনৰ পৰা বহিষ্কাৰ কৰে বিমানক ৷

অশ্লীল মন্তব্য কৰি শিক্ষানুষ্ঠানৰ পৰা বহিষ্কাৰ হ’ল বিমান

অপমানসূচক মন্তব্যৰ বাবে বিমানে মহাবিদ্যালয় কৰ্তৃপক্ষক ক্ষমা-প্ৰাৰ্থনা বিচাৰি এখন ক্ষমা পত্ৰ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে ছাত্ৰজনৰ মাতৃয়ে ৷ কিন্তু কনিষ্ঠ মহাবিদ্যালয়খনৰ কর্তৃপক্ষই ছাত্ৰজনক কেৱল ব’ৰ্ডৰ পৰীক্ষা দিয়াৰহে অনুমতি প্ৰদান কৰে ৷ ছাত্ৰ বিমানে পৰীক্ষাৰ পূৰ্বে মহাবিদ্যালয়লৈ যাব নোৱাৰে বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই বিমানৰ পিতৃ-মাতৃক অৱগত কৰে ৷

এই ঘটনাৰ পাচতে এতিয়া তীব্ৰ মানসিক চাপত ভুগিছে বিমান ৷ যাৰ ফলস্বৰূপে চিকিৎসাধীন হ’বলগীয়া হৈছে ছাত্ৰজন ৷ নিজ সন্তানৰ এই অৱস্থা দেখি কলং কপিলী বিদ্যাপীঠৰ অধ্যক্ষৰ বিৰুদ্ধে জিলা উপায়ুক্ত আৰু স্কুল পৰিদৰ্শকলৈ লিখিত অভিযোগ প্ৰেৰণ কৰে বিমানৰ অভিভাৱকে ৷

ঘটনাক লৈ সমগ্ৰ নগাঁৱতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ মহাবিদ্যালয় কৰ্তৃপক্ষই বিমানক ক্ষমা কৰি পুনৰ শ্ৰেণীকোঠাত বহাৰ অনুমতি প্ৰদান কৰিবনে ? নে ছাত্ৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ বছৰত শ্ৰেণীকোঠাত পাঠ গ্ৰহণ কৰাৰ পৰা বঞ্চিত হ’ব বিমান ? এনেধৰণৰ বহু প্ৰশ্নৰ উদয় হৈছে ৰাইজৰ মাজত ৷

লগতে পঢ়ক: মাটি দালালৰ বিৰুদ্ধে লোৱা পদক্ষেপক আদৰণি জনালে অখিল গগৈয়ে

For All Latest Updates

TAGGED:

nagaon
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.