ETV Bharat / state

সমৰ্থকৰ অভাৱ জিতু গোস্বামীৰ ! চাইকেল ৰেলীত শিক্ষাৰ্থী - বঢ়মপুৰত জিতু গোস্বামীৰ হৈ চাইকেল ৰেলীত অষ্টম নৱম শ্ৰেণীৰ ছাত্ৰ

অগপৰ দূৰ্গ বঢ়মপুৰত টিকট লাভ কৰি বিজেপি প্ৰাৰ্থী জিতু গোস্বামীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুসৰণ কৰি পঞ্চায়তে পঞ্চায়তে বাহিৰ কৰিছে চাইকেল ৰেলী । সমৰ্থকৰ অভাৱত অষ্টম-নৱম শ্ৰেণীৰ ছাত্ৰক ব্যৱহাৰ কৰিছে চাইকেল ৰেলীত ।

সমৰ্থকৰ অভাৱ জিতু গোস্বামীৰ ! চাইকেল ৰেলীত শিক্ষাৰ্থী
সমৰ্থকৰ অভাৱ জিতু গোস্বামীৰ ! চাইকেল ৰেলীত শিক্ষাৰ্থীhttp://10.10.50.80:6060//finalout3/assam-nle/thumbnail/16-March-2021/11028647_1012_11028647_1615889334800.png
author img

By

Published : Mar 16, 2021, 3:53 PM IST

বঢ়মপুৰ,১৬ মাৰ্চ: ৰাজ্যত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ ৰাজনৈতিক দলসমূহে বিভিন্ন কৌশলৰে ভোটাৰৰ মন জয় কৰাৰ চেষ্টা কৰিছে ৷ অগপৰ দূৰ্গ বঢ়মপুৰত টিকট লাভ কৰি বিজেপি প্ৰাৰ্থী জিতু গোস্বামীয়ে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অনুসৰণ কৰি পঞ্চায়তে পঞ্চায়তে বাহিৰ কৰিছে চাইকেল ৰেলী ।

ইফালে সমৰ্থকৰ অভাৱত অষ্টম-নৱম শ্ৰেণীৰ ছাত্ৰক ব্যৱহাৰ কৰিছে চাইকেল ৰেলীত । বিগত বিধান সভা নিৰ্বাচনত চামগুৰি সমষ্টিৰ পৰা মুখ থেকেচা খাই এইবাৰ বঢ়মপুৰ সমষ্টিৰ পৰা নিৰ্বাচন খেলিবলৈ আগবাঢ়িছে গোস্বামীয়ে । পৰিৱৰ্তন আৰু উন্নয়নৰ গীতৰ মাজেৰে নগণ্য সংখ্যক বিজেপি কৰ্মীৰ সহযোগত দেৱনাৰিকলি আৰু নিজ কামপুৰ পঞ্চায়তত জিতু গোস্বামীয়ে উলিয়ালে চাইকেল ৰেলী ।

সমৰ্থকৰ অভাৱ জিতু গোস্বামীৰ ! চাইকেল ৰেলীত শিক্ষাৰ্থী

কামপুৰৰো বিভিন্ন স্থানত জিতু গোস্বামীয়ে চাইকেল চলাই ভোটাৰৰ মন জয় কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷ এই ৰেলীত অংশগ্ৰহণ কৰিছ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা অষ্টম-নৱম শ্ৰেণীৰ ছাত্ৰই ।

জিতু গোস্বামীৰ প্ৰচাৰত অংশ লোৱা সমৰ্থকৰ সংখ্যা দেখাৰ পিছত এতিয়া সকলোৰে প্ৰশ্ন বঢ়মপুৰ সমষ্টিত জয়ী হ'ব পাৰিবনে জিতু গোস্বামী । অৱশ্যে সেয়া নিৰ্বাচনৰ ফলাফলতহে স্পষ্ট হ'ব ৷

লগতে পঢ়ক: ড্ৰাগছৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.