নগাঁও,৪ জুলাই: অভাৱে বাধ্য কৰাই সকলো কৰিবলৈ । কেতিয়াবা প্ৰচণ্ড দুখতো কৰি যাব লগা হয় কৰ্ম । দায়িত্ব, অভাৱে পাহৰাই বুকুৰ বিষ । তেনে এখন ছবিয়ে দেখা গ'ল নগাঁৱত । বুকুত এফালে পিতৃক হেৰুওৱাৰ বেদনা, আনফালে আছে পেটৰ তাড়না, কৰ্মৰ তাগিদা । যাৰ বাবে পিতৃ বিয়োগৰ দহটা দিন নৌহওতেই ঘৰৰ পৰা ওলাই জীৱন সংগ্ৰামত নামিবলগীয়া হৈছে নগাঁৱৰ এজন যুৱকে ।
ৰাতিপুৱাই নগাঁৱৰ ৰাজপথত দেখা গ'ল এক কৰুণ দৃশ্য । বগা সাজ পৰিধান কৰি খালি ভৰিৰে এখন চাইকেল চলাই বিভিন্নজনৰ পদূলিয়ে পদূলিয়ে ঘূৰিছে যুৱকজনে । চাইকেলৰ কেৰিয়াৰত খবৰ কাগজৰ দ'ম । চাইকেলৰ কেৰিয়াৰত বাতৰি কাকত লৈ এইদৰে ঘৰে ঘৰে বিলাই ফুৰিছে নগাঁৱৰ যুৱকজনে । পিতৃৰ মৃত্যুৰ চাৰি দিনৰ পাছৰে পৰা এমুঠি অন্নৰ বাবেই এইদৰে ধূতি আৰু চেলেং পৰিধান কৰি খালি ভৰিৰে চাইকেল চলাই কেৰিয়াৰত বাতৰি কাকত বিলাই ফুৰিছে দুৰ্ভগীয়া হৰি দাস নামৰ এই যুৱকজনে ।
জীয়াই থকাৰ হেঁপাহ আৰু পেটৰ ভোক নিবাৰণৰ বাবেই হৰিয়ে এইদৰে পালন কৰি গৈছে নিজ কৰ্তব্য আৰু দায়িত্ব । মঙলবাৰেও হৰি দাসৰ পিতৃৰ মৃত্যুৰ দহ দিন সম্পূৰ্ণ হোৱা নাই । কিন্তু আজিও হৰি দাসক সহায়ৰ হাত আগবঢ়াবলৈ কোনো আগবাঢ়ি অহা নাই । যাৰ বাবেই ৰাতিপুৱাৰ পৰা দিনটো উপবাসে থাকি এইদৰে চাইকেল চলাই খবৰ কাগজ বিলাই ফুৰাৰ বাবে হৰি দাসৰ যথেষ্ট কষ্ট হৈছে যদিও চলাই গৈছে জীৱনৰ কঠোৰ সংগ্ৰাম ।
উল্লেখযোগ্য যে, এইদৰেই প্ৰতি পুৱা হৰি দাসে নগাঁৱৰ ১৩০ ঘৰত যোগান ধৰি আহিছে বাতৰি কাকত । পিতৃৰ বিয়োগৰ পিছৰ পৰাই হৰি দাসে বগা সাজত বাতৰি কাকত বিতৰণ কৰা দৃশ্য প্ৰত্যক্ষ কৰা বহুতকে মৰ্মাহত কৰিছে যদিও হৰি দাসক সামান্য সহায় কৰিবলৈহে অভাৱ হৃদয়বান লোকৰ । দুৰ্ভগীয়া হৰিয়ে এতিয়া বিচাৰিছে কোনো হৃদয়বান লোকৰ অকণমান সহায় ।
লগতে পঢ়ক: জঘন্য! মুকবধিৰ মাতৃ আৰু কন্যাক ধৰ্ষণ কৰি যৌনাংগত ঢালিলে জলকীয়াৰ গুড়ি