নগাঁও, 18 জুলাই : অসম আৰু অসমীয়াৰ প্ৰেমত পৰা এজন বগা চাহাব ৷ সৰ্বস্ব উজাৰি দি মনে প্ৰাণে অসমীয়া হৈ পৰিছিল এই চাহাবজন ৷ অসমীয়া ভাষা ৰক্ষাৰ বাবে তেওঁ ইংৰাজীৰ বিৰুদ্ধেও দিছিল যুঁজ ৷
হয়, মনে প্ৰাণে অসমীয়াৰ প্ৰেমত পৰা মাইলছ ব্ৰঞ্চনৰ কথাই কৈছো (Story of Miles Bronson)। আজি হয়তো বহুতৰ বাবে এটা অচিনাকি নাম হ’লেও অসম আৰু অসমীয়াৰ বাবে কেতিয়াও পাহৰিব নোৱাৰা এটা নাম হৈছে মাইলছ ব্ৰঞ্চন । কাৰণ এগৰাকী ব্ৰিটিছ হৈয়ো অসম আৰু অসমীয়াৰ হকে তেওঁ যি কৰিলে, সেয়া হয়তো বহুতৰে কল্পনাৰ অগোচৰ ।
চন ১৮৩৭ ৷ আমেৰিকান কমিচনাৰ্ছ অফ ফৰেইন ব'ৰ্ডে আন এগৰাকী ইংৰাজৰ সৈতে অসমৰ শদিয়ালৈ প্ৰেৰণ কৰিছিল মাইলছ ব্ৰঞ্চনক । তেতিয়াৰ পৰাই অসমৰ প্ৰেমত পৰিছিল ১৮১২ চনত আমেৰিকাত জন্মগ্ৰহণ কৰা মাইলছ ব্ৰঞ্চন । মনে প্ৰাণে এজন অসমীয়া যুৱক হৈ পৰিছিল এই বগা চাহাবজন ।
![Story of Miles Bronson](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-ngn-01-18july-miles-bronson-story-script-vis-7203829_18072022162657_1807f_1658141817_671.jpg)
বৰ্তমান নগাঁও জলসম্পদ বিভাগৰ অধীক্ষক অভিযন্তাৰ চৰকাৰী এই আবাসেই আছিল তেতিয়াৰ মাইলছ ব্ৰঞ্চনৰ বাসস্থান । ১৮ শতিকাতে সংকটত পৰা অসমীয়া ভাষা ৰক্ষাৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছিল এইজন বগা চাহাবে । সেই সময়ত অসমীয়া ভাষা পুনৰুদ্ধাৰ বাবে খোদ ইংৰাজৰ বিৰুদ্ধেও যুজঁ কৰিছিল এইজন মাইলছ ব্ৰঞ্চনে ।
লগতে পঢ়ক : Remember Menthel Light: সময়ৰ সোঁতত অতীত হোৱা তাহানিৰ মেন্থেল লাইট
সেই সময়ত অসমীয়া ভাষা পুনৰুদ্ধাৰৰ ক্ষেত্ৰত মাইলছ ব্ৰঞ্চনক সহায় কৰিছিল আনন্দৰাম ঢেকিয়াল ফুকনেও । কেৱল এয়াই নহয়, নগাঁও চহৰৰ মাজমজিয়াত ১৮৪৫ চনৰ জানুৱাৰী মাহত এইজন মাইলছ ব্ৰঞ্চনেই স্থাপন কৰিছিল এই বাপ্টিষ্ট মণ্ডলী । ইয়াৰোপৰি ১২ বছৰীয়া কঠোৰ পৰিশ্ৰমৰ অন্তত মাইলছ ব্ৰঞ্চনেই প্ৰকাশ কৰি উলিয়াইছিল ১৪ হাজাৰ শব্দ সম্বলিত প্ৰথমখন ইংৰাজী অসমীয়া অভিধান ।
নগাঁও তথা অসম আৰু অসমীয়াৰ বাবে সৰ্বস্ব উজাৰি দিয়া এইজন মাইলছ ব্ৰঞ্চনৰ বাসগৃহ আজিও সংৰক্ষণ নহ’ল ৷ যাৰ বাবে আজিও বহুতৰে আছে ওজৰ আপত্তি । নগাঁও চহৰৰ মাজমজিয়াত মাইলছ ব্ৰঞ্চনৰ আৱক্ষ মূৰ্তি স্থাপন কৰা হৈছিল যদিও কোনো স্থানতে নাছিল পূৰ্ণাংগ প্ৰতিমূৰ্তি ।
নগাঁৱৰ বহু জ্যেষ্ঠ নাগৰিকে মাইলছ ব্ৰঞ্চনৰ এটা পূৰ্ণাংগ মূৰ্তি স্থাপনৰ বাবে দাবী জনোৱাৰ বাতৰি দুটা বছৰ পূৰ্বে প্ৰকাশ হৈছিল ই টি ভি ভাৰতত । অৱশেষত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰি উলিয়াইছে মাইলছ ব্ৰঞ্চনৰ এটা পূৰ্ণাংগ প্ৰতিমূৰ্তি (Statue installation of Miles Bronson in Nagaon) । যাক লৈ এতিয়া সন্তুষ্ট নগাঁৱৰ জ্যেষ্ঠ নাগৰিকসকলো ।
![Story of Miles Bronson](https://etvbharatimages.akamaized.net/etvbharat/prod-images/milesbronsonstoryvisbite_18072022152328_1807f_1658138008_188.jpg)
ইপিনে নগাঁও চহৰত নতুনকৈ নিৰ্মাণ হোৱা অথবা পূৰ্বৰ এখন পকী দলং মাইলছ ব্ৰঞ্চনৰ নামত নামাকৰণ কৰিবলৈও দাবী জনাই জ্যেষ্ঠ নাগৰিক মুকুট চন্দ্ৰ ভূঞাই । নগাঁৱৰ ব্যাপ্তিষ্ট মণ্ডলীৰ সমীপত নিৰ্মাণ কৰা মাইলছ ব্ৰঞ্চনৰ প্ৰতিমূৰ্তিটো তেওঁৰ জন্মদিন অৰ্থাৎ ২০ জুলাইত উন্মোচন কৰা হ'ব ।
সম্প্ৰত্তি এই বাতৰিয়ে অসমৰ শিক্ষিত সমাজৰ লগতে নগাঁওবাসীক আনন্দিত কৰি তুলিছে ৷ এইজন বগা চাহাবৰ কাহিনী তথা অসমীয়াৰ প্ৰতি থকা তেওঁৰ প্ৰেম সকলোৱে মনত ৰখাতো দৰকাৰ ৷
লগতে পঢ়ক : Hindu Muslim harmony : হিন্দুৰ শ্মশানৰ বাবে মুছলমানে দান কৰিলে মাটি