নগাঁও,11 আগষ্টঃ অসাধাৰণ চিত্ৰ অংকন কৰি অসম বুক অফ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ এজন যুৱকে। বিশেষ প্ৰতিভাৰ অধিকাৰী নগাঁৱৰ পুৰণিগুদামৰ গায়নবৈৰাগী চুকৰ ভাস্কৰ্য্যপূৰ্ণ গায়ন। সৰুৰে পৰা শিল্পকৰ্মৰ সৈতে জড়িত গায়নে শেহতীয়াকৈ কেইটামান ক্ষুদ্ৰ ক্ষুদ্ৰ বুটৰ ডালিত আখৰ লিখাৰ লগতে ভাৰতৰ মানচিত্ৰ, অসমৰ মানচিত্ৰ, জাতীয় পতাকা আদিৰ চিত্ৰ অতি সুক্ষ্মভাবে অংকন কৰি "অসম বুক অফ ৰেকৰ্ড"ত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ।

তাৰোপৰি আহত গছৰ পাতত খোদিত কৰা বিভিন্ন প্ৰকাৰ ভাস্কৰ্যৰ বাবে এতিয়া জিলাখনত চৰ্চাৰ অন্যতম কেন্দ্ৰ বিন্দু হৈ পৰিছে ভাস্কৰ্য্যপূৰ্ণ গায়ন। যুৱকজনে খোৱা চাহ আৰু কফিক ৰং হিচাবে লৈও চিত্ৰ অংকন কৰি আহিছে । তাৰ ভিতৰত অসমীয়াৰ বাপোতিসাহোন বিহুক উপস্থাপন কৰি অংকন কৰা এখন চিত্ৰয়ে ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে । উল্লেখ্য যে, পুৰণিগুদাম বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ত দ্বিতীয় ষান্মাসিকত অধ্যয়নৰত ভাস্কৰ্য্যপূৰ্ণ গায়ন নামৰ যুৱকজন চিত্ৰ শিল্পৰ লগতে সৰুৰে পৰা সত্ৰীয়া নৃত্য আৰু অভিনয়ৰ সৈতেও জড়িত।
লগতে পঢ়কঃদেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতাত উজলিল কলিয়াবৰৰ ছাত্ৰী