কলিয়াবৰ,8 মাৰ্চ : বিহু গীতেৰে বিজেপি আৰু অগপ দুই দলতেই ভোট দিবলৈ কলিয়াবৰবাসীক উদ্বুদ্ধ কৰিলে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে ৷
কেশৱ মহন্তৰ মনোনয়ন পত্ৰ দাখিলৰ পাচতেই সোমবাৰে কলিয়াবৰত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে সভাপতি ৰণজিৎ কুমাৰ দাসে ৷ অগপ-বিজেপিৰ যুটীয়া নিৰ্বাচনী সভাত দুয়োটো দলকে সমানে আগবঢ়াই নিয়াৰ স্বাৰ্থত বিহু গীতেৰে নিৰ্বাচনী প্ৰচাৰ চলায় সভাপতি গৰাকীয়ে ৷
মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ স্বাৰ্থত দলীয় কৰ্ম-কৰ্তা তথা সমৰ্থকক দুগুণ উৎসাহেৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ আহ্বান জনায় সভাপতি দাসে । উক্ত সভাত উপস্থিত থাকে সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, বিজেপিৰ ৰাজ্যিক সম্পাদক জয়ন্ত দাসৰ লগতে কেশৱ মহন্ত ৷
লগতে পঢ়ক : পূব বিলাসীপাৰাত কংগ্ৰেছ নেতা-কৰ্মীৰ উত্তাল প্ৰতিবাদ