ETV Bharat / state

ৰাজেন গোহাঁইৰ সৈতে কি আলোচনা কৰিলে মন্ত্ৰী ৰণজিৎ দাসে ?

নগাঁৱৰ প্ৰাক্তন সাংসদ তথা অসম বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁই বাসগৃহত ৰঞ্জিত দাস। মূল্য বৃদ্ধি সম্পৰ্কত প্ৰতিক্ৰিয়া ৰণজিৎ দাসৰ । কণী আৰু মিঠাতেলৰ মূল্য বৃদ্ধিৰ বিশ্লেষণ আগবঢ়াই মন্ত্ৰীজনে ।

author img

By

Published : May 28, 2021, 9:07 AM IST

ranjit_das_meets_rajen_guhain
ৰাজেন গোহাঁইৰ সৈতে কি আলোচনা মন্ত্ৰী ৰঞ্জিত দাসৰ?

নগাঁও, 28 মে’: বৃহস্পতিবাৰে প্ৰাক্তন সাংসদ তথা অসম বিজেপিৰ প্ৰাক্তন সভাপতি ৰাজেন গোহাঁইৰ নগাঁও স্থিত বাসগৃহত উপস্থিত হয় বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাস । এই সময়চোৱাত প্ৰাক্তন সাংসদ গৰাকীৰ সৈতে এক গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় সভাপতি গৰাকী ।

উল্লেখ্য যে, আলোচনা কালত সাংসদ পত্নীৰ উপৰিও ভাৰতীয় জনতা পাৰ্টীৰ নগাঁও জিলাৰ সভাপতি অভিজিৎ নাথ উপস্থিত থাকে । ইয়াৰ পাছতে, সাংবাদিকৰ আগত প্ৰবীন সকলে চৰকাৰ অহাৰ আগতে যথেষ্ট ত্যাগ স্বীকাৰ কৰা বুলি মন্তব্য কৰে ৰণজিৎ কুমাৰ দাসে । অৱশ্যে, প্ৰবীণ নেতাসকলক দলৰ ৰাজ্যিক দায়িত্ব দিয়াৰ সন্দৰ্ভত ৰাষ্ট্ৰীয় নেতৃত্বই সিদ্ধান্ত ল’ব বুলিও তেওঁ মন্তব্য কৰে ।

আনহাতে, মূল্য বৃদ্ধি সমগ্ৰ ভাৰততে হৈছে বাবে অসমতো হৈছে বুলিও মন্তব্য কৰি ৰণজিৎ দাসে মিঠাতেলৰ মূল্য বৃদ্ধিৰ প্ৰসংগ উল্লেখ কৰি মূল্য বৃদ্ধিৰ কাৰণ বিশ্লেষণ কৰে সংবাদ মাধ্যমৰ সন্মুখত। লগতে, কণীৰ মূল্য বৃদ্ধি প্ৰসংগ উল্লেখ কৰি বৰ্তমান সময়ত মানুহে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ কণী বেছি পৰিমাণে খোৱা কাৰণে ইয়াৰ মূল্য বৃদ্ধি হোৱা বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে নতুন চৰকাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক : দিচাং নৈৰ গৰাখহনীয়াই ত্ৰাস সৃষ্টি কৰিছে খালৈঘুগুৰা বৰবামত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.