নগাঁও, 8 ফেব্ৰুৱাৰী : এতিয়াও মাৰ যোৱা নাই বিগত ২২ জানুৱাৰীত নগাঁও জিলাৰ কচলুখোৱা তিনিআলিত সংঘটিত হোৱা আৰক্ষীৰ গুলীচালনা ঘটনাৰ উত্তেজনা (Kirtikamal Bora encounter case) ৷ এই ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পবন কুমাৰ বৰঠাকুৰৰ নেতৃত্বত গঠিত হৈছিল এজনীয়া তদন্ত সমিতি ৷ প্ৰাপ্ত তথ্য অনুসৰি, এই সমিতিয়ে দাখিল কৰা তদন্তৰ প্ৰতিবেদন গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে(Additional Chief Secretary presents inquiry report of Nagaon encounter case) ।
তদন্ত সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ পৰামৰ্শ অনুসৰি, মঙলবাৰে ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানলৈ এই গুলীচালনাৰ ঘটনা সন্দৰ্ভত এলানি ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ জাৰি কৰিছে । গৃহ আৰু ৰাজনৈতিক বিভাগে জাৰি কৰা নিৰ্দেশ মতে, অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীক নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দ্বাৰা গঠিত বৰ্তমানৰ এণ্টি নাৰ্ক'টিক স্কোৱাডটো ভংগ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷
আনকি উক্ত প্ৰতিবেদনত দাখিল কৰা তথ্য অনুসৰি, সশস্ত্ৰ শাখাৰ উপ পৰিদৰ্শক প্ৰদীপ বণিয়া আৰু নীলকমল বৰাৰ এজাহাৰৰ ভিত্তিত ৰুজু হোৱা দুয়োটা গোচৰ অপৰাধ অনুসন্ধান শাখালৈ হস্তান্তৰ কৰিবলৈও নিৰ্দেশ জাৰি কৰা হৈছে ৷ লগতে উক্ত গুলীচালনা ঘটনাৰ সৈতে জড়িত প্ৰতিজন আৰক্ষী বিষয়াই পালন কৰা ভূমিকা সন্দৰ্ভতো এজন উচ্চ পদস্থ আৰক্ষী বিষয়াৰ দ্বাৰা বিভাগীয় তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ।
আনকি, সশস্ত্ৰ শাখাৰ উপ-পৰিদৰ্শক প্ৰদীপ বণিয়াক তাৎক্ষণিকভাৱে নিলম্বন কৰাৰ লগতে নগাঁৱৰ আৰক্ষী অধীক্ষক আৰু সশস্ত্ৰ শাখাৰ উপ-পৰিদৰ্শক প্ৰদীপ বণিয়াৰ বাহিৰে এণ্টি নাৰ্ক’টিক স্কোৱাৰ্ডৰ সকলো সদস্যক তাৎক্ষণিকভাৱে নগাঁও জিলাৰ বাহিৰলৈ বদলি কৰিবলৈ পত্ৰখনত উল্লেখ কৰা হৈছে । একেদৰে এই গোচৰৰ সকলো সাক্ষীৰ সুৰক্ষা আৰু নিৰাপত্তা নিশ্চিত কৰাৰ লগতে ৰাইজৰ মাজত নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টি, আইন অনুসৰি নিচাযুক্ত দ্ৰব্য সম্পৰ্কীয় গোচৰসমূহত সঠিক ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰিবলৈও অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীক নিৰ্দেশ প্ৰদান কৰা হৈছে ।
উল্লেখ্য যে, উপৰোক্ত নিৰ্দেশাৱলী সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক অতি সোনকালে গৃহ আৰু ৰাজনৈতিক বিভাগক প্ৰতিবেদন দাখিল কৰিবলৈও পত্ৰখনত নিৰ্দেশ দিয়া হৈছে ৷
লগতে পঢ়ক : নগাঁও আৱৰ্ত ভৱনত সাক্ষ্যদান কৰিবলৈ উপস্থিত কীৰ্তিকমল বৰাৰ পিতৃ মাতৃ