ETV Bharat / state

ৰাসৰ আখাৰাত ব্য়স্ত ৰাইডঙীয়াৰ যুৱতী-বোৱাৰী - ক’ভিড প্ৰট’কল

শাৰদীয় দুৰ্গোৎসৱৰ পাচতেই আৰম্ভ হয় ৰাসৰ বতৰ ৷ কিন্তু এইবাৰ যেন ম্লান পৰিছে ৰাসৰ উছাহ ৷ ক’ভিড-19ৰ বাবে পূৰ্বৰ দৰে জনবহুলভাৱে ৰাস পালনত কিছু যতি পৰা পৰিলক্ষিত হৈছে ৷ নগাঁও জিলাৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ গাতে লাগি থকা ৰাইডঙীয়া ৰজাগাঁও অঞ্চলতো ক’ভিড প্ৰট’কল ৰক্ষা কৰি জীয়ৰী, বোৱাৰী সকলে চলাইছে ৰাসৰ প্ৰস্তুতি ।

nagaon rax
nagaon rax
author img

By

Published : Nov 14, 2020, 1:03 PM IST

নগাঁও, 14 নবেম্বৰ : শৰৎ কালৰ ৰাত্ৰী অতি বিতোপন, ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ হৈল মন ৷ এতিয়া শৰৎ কাল ৷ শাৰদীয় দুৰ্গোৎসৱৰ পাচতেই আৰম্ভ হয় ৰাসৰ বতৰ ৷ গাঁৱে-ভূঞে ৰজনজনাই থাকে খোল-তালৰ শব্দত । কিন্তু এইবাৰ যেন ম্লান পৰিছে ৰাসৰ উছাহ ৷ ক’ভিড-19ৰ বাবে পূৰ্বৰ দৰে জনবহুলভাৱে ৰাস পালনত কিছু যতি পৰা পৰিলক্ষিত হৈছে ৷ তাৰ মাজতো শ্ৰী কৃষ্ণ ৰাসলীলা উপলক্ষে ক’ভিড প্ৰট’কল ৰক্ষা কৰি প্ৰস্তুতি চলিছে গাঁৱে-ভূঞে। নগাঁও জিলাৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাৰ গাতে লাগি থকা ৰাইডঙীয়া ৰজাগাঁও অঞ্চলতো জীয়ৰী, বোৱাৰী সকলে চলাইছে ৰাসৰ প্ৰস্তুতি ।

ৰাসৰ আখাৰাত ব্য়স্ত ৰাইডঙীয়াৰ যুৱতী-বোৱাৰী

ৰজাগাঁৱৰ জ্যেষ্ঠ ব্যক্তি সকলৰ উদ্যোগত ৩দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৰাস উৎসৱ। এই উপলক্ষে অঞ্চলটোৰ মহিলা সকলৰ লগতে যুৱতী-কিশোৰীসকল ব্যস্ত হৈ আছে ৰাসলীলাৰ আখৰা কৰাত । বিগত বছৰ সমূহৰ দৰে নহ’লেও অনুষ্টূপীয়াকৈ হ’লেও এইবাৰ শ্ৰীকৃষ্ণৰ ৰাসলীলা পাতিবলৈ ওলাইছে ৰজাগাঁও বাসী । চৰকাৰী নীতি-নিৰ্দেশনা মানি সম্পূৰ্ণ ক’ভিড প্ৰট’কল ৰক্ষা কৰি ৰাস উৎসৱ ভাগ অনুষ্ঠিত কৰিব বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

লগতে পঢ়ক : বৰাক-ব্ৰহ্মপুত্ৰৰ খননত সংঘটিত বিয়াগোম কেলেংকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.