ETV Bharat / state

অক্ষমতাক সক্ষমতালৈ ৰূপান্তৰ কৰা নগাঁৱৰ উপাংক্ষা

author img

By

Published : Jun 7, 2020, 1:53 PM IST

নগাঁৱৰ এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীৰ সফলতা ৷ পিতৃহীনা উপাংক্ষাক যথেষ্ট কষ্টৰে পঢ়াইছে মাতৃয়ে ৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত কন্যা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত অত্যন্ত সুখী হৈ পৰিছে উপাংক্ষাৰ মাতৃ ৷

Specially abled girl who achieved success in Nagaon
অক্ষমতাক সক্ষমতালৈ ৰূপান্তৰ কৰা নগাঁৱৰ উপাংক্ষা

নগাঁও,7 জুনঃ নগাঁৱত এগৰাকী বিশেষভাৱে সক্ষম ছাত্ৰীৰ সফলতা ৷ ছাত্ৰীগৰাকী সফলতাৰে উত্তীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। প্ৰতিবন্ধকতাক নেওচি অৰ্জন কৰা সফলতাক লৈ উৎফুল্লিত হৈ পৰিছে পুৰণিগুদামবাসী ।

শাৰিৰীক বাধা জীৱন সংগ্ৰামৰ কেতিয়াও হেঙাৰ হ'ব নোৱাৰে । সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত নগাঁৱৰ পুৰণিগুদাম তেলিয়া হয়বৰ গাঁৱৰ ছাত্ৰী গৰাকীয়ে তাকেই প্ৰমাণ কৰি দেখুৱালে । বিশেষভাৱে সক্ষম ছাত্ৰী গৰাকীৰ নাম উপাংক্ষা শৰ্মা । কাণৰে নুশুনা আৰু ভালকৈ কথা ক'ব নোৱাৰা ছাত্ৰী গৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নগাঁৱৰ পুৰণিগুদামলৈ গৌৰৱ কঢ়িয়াই আনিছে । পিতৃহীনা উপাংক্ষাই শাৰীৰিক প্ৰতিবন্ধকতাকো নেওচি জীৱন সংগ্ৰামত অৱত্তীৰ্ণ হৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অংক,সংস্কৃত আৰু অসমীয়া বিষয়ত লেটাৰ নম্বৰ সহ সৰ্বমুঠ ৭৭.৭ শতাংশ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈছে । পুৰণিগুদাম শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰী উপাংক্ষাৰ এই সফলতাই এতিয়া পৰিয়ালবৰ্গৰ লগতে অঞ্চলবাসীক উৎফুল্লিত কৰি তুলিছে । উল্লেখ্য যে বিশেষভাৱে সক্ষম উপাংক্ষা শৰ্মা এতিয়া বহুতৰে বাবে আৰ্দশ হৈ পৰিছে ।

লগতে পঢ়কঃশূন্য উত্তীৰ্ণৰে চৰ্চাত ধুবুৰীৰ এখন বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.