ETV Bharat / state

Postal Department meeting: চামগুৰিত ডাক বিভাগৰ বিশেষ সভাত চৰকাৰী আঁচনিৰ লাভালাভ পৰ্যালোচনা - ডাক কমিউনিটি ডেভলপমেন্ট প্ৰগ্ৰেম

চামগুৰিত আয়োজন ডাক বিভাগৰ এখন বিশেষ সভা ৷ ভাৰত চৰকাৰৰ ডাক বিভাগৰ নিৰ্দেশ মৰ্মে আয়োজিত এই সভাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ আৰু ইয়াৰ লাভালাভ সন্দৰ্ভত আলোচনা কৰা হয় ৷

Special meeting of the Postal Department
ডাক বিভাগৰ সভা
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 8:37 AM IST

ডাক বিভাগৰ সভা

চামগুৰি, 12 ছেপ্টেম্বৰ : ভাৰত চৰকাৰৰ ডাক বিভাগৰ নিৰ্দেশ অনুসৰি সোমাবৰে নগাঁও জিলাৰ চামগুৰিত আয়োজন কৰা হয় ডাগ বিভাগৰ এখন বিশেষ সভা ৷ চামগুৰিৰ সমীপৱৰ্তী কাৱৈমাৰী গাঁও পঞ্চায়তৰ প্ৰাংগণত অনুষ্ঠিত নগাঁও পূব উপ ডাক সংমণ্ডলে ডাক কমিউনিটি ডেভেলপমেন্ট প্ৰগ্ৰেমৰ এই বিশেষ সভাখনত কেবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় ৷

চৰকাৰী আঁচনিসমূহত ৰাইজক যুক্ত কৰা, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়াসকলে মিলি সকলো চৰকাৰী আঁচনিৰ ৰূপায়ণৰ পৰিকল্পনা কৰা, চৰকাৰী কামৰ এটা মৰ্যদাপূর্ণ নাম গঢ়া, তথ্যৰ আদান প্ৰদান কৰা, সৰ্বস্তৰৰ ৰাইজৰ অংশগ্ৰহণ নিশ্চিত কৰা, সমূহীয়া উন্নয়নত অংশগ্ৰহণ কৰা ইত্যাদি বিষয়সমূহৰ বিষয়ে আলোচনা কৰা হয় এই বিশেষ সভাখনত ৷

উল্লেখ্য যে, ভাৰতীয় ডাক বিভাগে, ভাৰত চৰকাৰৰ সেৱা প্ৰদানকাৰী বিভাগ হিচাপে, দেশৰ প্ৰতিজন নাগৰিকৰ বাবে 1 অক্টোবৰ 1854 চনৰ পৰা 168 বছৰে সেৱা আগবঢ়ায় আহিছে । শেহতীয়াকৈ ডাক কমিউনিটি ডেভলপমেন্ট প্ৰগ্ৰেমৰ জৰিয়তে ডাকঘৰৰ নতুন সেৱাসমূহৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এটা বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ডাক বিভাগে । ইয়াৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ সেৱা প্ৰদান আৰু ৰূপায়ণৰ ক্ষেত্ৰত ঐক্যবদ্ধ পদক্ষেপ লোৱাৰ ব্যৱস্থা কৰা হৈছে ।

সোমাবৰে চামগুৰিত আয়োজিত ডাক বিভাগৰ এই বিশেষ সভাত আদৰণি ভাষণ প্ৰদান কৰি নগাঁও পূব উপ-সংমণ্ডলৰ ডাক পৰিদৰ্শক মঃ কায়ুম আজাদে সভাখনৰ গুৰুত্ব প্ৰসংগত সুন্দৰকৈ ব্যাখ্যা কৰে । সভাখনত ভাৰতীয় ডাক বিভাগৰ শেহতীয়া উত্থানৰ এখন সুন্দৰ তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয় ।

এই বিশেষ সভাত মুখ্য অতিথি হিচাপে Deputy CEO জিলা পৰিষদ হিৰণ্য কুমাৰ চমুৱা আৰু নগাঁও সংমণ্ডলৰ সহকাৰী অধ্যক্ষ অনুপ কুমাৰ সাহা উপস্থিত থাকে । এই সভাখনত উপস্থিত থাকি নিজৰ বহুমূলীয়া ভাষণ আগবঢ়াই নগাঁও IPPB payment bank ৰ ব্ৰাঞ্চ মেনেজাৰ বিমল দাসে ।

লগতে এই বিশেষ সভাখনত নগাঁও পূব উপ ডাক সংমণ্ডলৰ পৰ্যবেক্ষক অনিল কলিতাকে প্ৰমুখ্য কৰি উপস্থিত থাকে জ্যোতিস্মিতা বৰা, ডাক বিভাগৰ বহু কৰ্মচাৰী আৰু স্থানীয় বহু ব্যক্তি ।

লগতে পঢ়ক : 130th World Brothers Day: নলবাৰীৰ নাট্যমন্দিৰত 130 সংখ্যক বিশ্ব ভাতৃত্ব দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.