ETV Bharat / state

ক’ত পোৱা যায় 3000 টকীয়া পাণ ? - কাজিৰঙা

নগাঁৱৰ ৰূপহীহাটৰ এখন বিশেষ পাণ দোকান ৷ এই দোকানখনত উপলব্ধ ভিন্ন স্বাদৰ পাণ ৷ পাণসমূহৰ দাম 20-3000 টকা পৰ্যন্ত ৷

Special pan Shop story nagaon assam etv bharat news
এখন বিশেষ পাণ দোকান
author img

By

Published : Nov 11, 2020, 5:05 PM IST

নগাঁও,11 নৱেম্বৰ: নগাঁও চহৰৰ পৰা মাত্ৰ 10 কিল’মিটাৰ দূৰত্বৰ ৰূপহীহাটৰ ঔঅনাত আছে এখন বিশেষ পাণ দোকান ৷ বাৰাণসীৰ পৰা ছমহীয়া পাণ প্ৰস্তুতৰ প্ৰশিক্ষণ লৈ নলতলীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিতে পাণ দোকানেৰে স্ব-নিৰ্ভৰশীল হ’বলৈ প্ৰয়াস চলাইছে মুকচেদুল ইছলাম নামৰ এগৰাকী যুৱকে ৷ যুৱকগৰাকীয়ে নানান ধৰণৰ পাণ প্ৰস্তুত কৰি গ্ৰাহকক আকৰ্ষণৰ চেষ্টা চলাইছে ৷ মুকচেদুলৰ দোকানত উপলব্ধ হৈছে ষ্ট্ৰ’বেৰী, আম, কমলা, চকলেট আদি বিভিন্ন স্বাদৰ পাণ ৷ সোৱাদ অনুসৰি পাণৰ দামো ভিন্ন ভিন্ন ৷

ভিন্ন স্বাদৰ পাণ পোৱা যায় দোকানখনত

মুকচেদুলৰ দোকানত পোৱা যায় ফায়াৰ পাণ, আইচক্ৰীম পাণ আদি ৷ যিবোৰ পাণে গ্ৰাহকক যাচিব পাৰে অন্য এক ৰুচি ৷ মুকচেদুলৰ দোকানত গ্ৰাহকৰ ভিৰো যথেষ্ট ৷ নগাঁৱৰ উপৰিও শোণিতপুৰ, কাজিৰঙা, যোৰহাট আদি বিভিন্ন ঠাইৰ পৰা গ্ৰাহক আহে এই পাণৰ সোৱাদ ল’বলৈ ৷ নগাঁও-নলতলী ৰাজ্যিক পথেৰে অহা-যোৱা কৰা বহু বাটৰুৱাই এপাক সোমাই যায় মুকচেদুলৰ দোকানৰ পাণৰ জুতি ল’বলৈ ৷

Special pan Shop story nagaon assam etv bharat news
এখন বিশেষ পাণ দোকান

কামৰ কোনো সৰু বৰ নাই ৷ মানুহৰ মনত তেনেই সাধাৰণ বা গুৰুত্বহীন যেন লগা কাম এটাইয়ো কাৰোবাক দিব পাৰে দুবেলা দুমুঠি ভাত, সমাজত এক পৰিচয় ৷ তাৰে উদাহৰণ মুকচেদুল ইছলাম নামৰ যুৱকগৰাকী ৷

লগতে চাওকঃ মংগলদৈৰ এজাক শিশুৰ এক ব্যতিক্ৰমী প্ৰয়াস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.