ETV Bharat / state

আকাশীযানত নিৰ্মাণ কৰা প্ৰতীকী চিহ্ন প্ৰদান মুখ্যমন্ত্ৰীক

টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক জয় কৰি সমগ্ৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোঁহাই(LOVLINA BORGOHAIN)লৈ মৰমৰ উপহাৰ অসমৰ এগৰাকী মৃৎ শিল্পীৰ । বিমানেৰে যাত্ৰা কৰি থকা অৱস্থাতে বক্সিঙৰ প্ৰতীকী চিহ্ন নিৰ্মাণ কৰিছিল পাৰ্থপ্ৰতিম বৰুৱা নামৰ মৃৎ শিল্পীগৰাকীয়ে ।

author img

By

Published : Aug 12, 2021, 12:16 PM IST

SPECIAL GIFT TO LOVLINA BORGOHAIN
বিমানৰ ভিতৰতে লাভলীনাৰ বাবে বিশেষ উপহাৰ প্ৰস্তুত কৰিলে মৃৎ শিল্পী পাৰ্থপ্ৰতিম বৰুৱাই

চামগুৰি, ১২ আগষ্ট: লাভলীনা আহিছে । টকিঅ' অলিম্পিকত অসম তথা সমগ্ৰ ভাৰতৰে নাম জিলিকাই তোলা অসমৰ বক্সাৰ লাভলীনা বৰগোঁহাই(LOVLINA BORGOHAIN)ক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী । নগাঁৱৰ পুৰণিগুদামৰ মৃৎ শিল্পী পাৰ্থপ্ৰতিম বৰুৱাই লাভলীনা বৰগোঁহাইৰ বাবে আগবঢ়াইছে এটি বিশেষ উপহাৰ । বিমানৰ ভিতৰতে মাটিৰে বক্সিঙৰ প্ৰতীকী চিহ্ন নিৰ্মাণ কৰিছে পাৰ্থপ্ৰতিম বৰুৱাই ।

এই প্ৰতীক চিহ্নটো নতুন দিল্লীত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অৰ্পণ কৰে মৃৎ শিল্পীগৰাকীয়ে । পাৰ্থপ্ৰতিম বৰুৱাই নিৰ্মাণ কৰা এই প্ৰতীকী চিহ্ন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লাভলীনাক প্ৰদান কৰিব । উল্লেখ্য যে, টকিঅ' অলিম্পিকত অসম কন্যা লাভলীনা বৰগোঁহায়ে ব্ৰঞ্জৰ পদক জয় কৰি সমগ্ৰ দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে । লাভলীনা হৈছে অলিম্পিকত ভাৰতৰ হৈ অংশগ্ৰহণ কৰা অসমৰ প্ৰথমগৰাকী মহিলা বক্সাৰ ।

লাভলীনা স্বদেশলৈ উভতি অহাৰ পাচত শুভেচ্ছা জনাবলৈ মৃৎ শিল্পী পাৰ্থপ্ৰতিম বৰুৱাই গুৱাহাটীৰ পৰা দিল্লী অভিমুখে বিমান যাত্ৰা কৰি থকাৰ সময়তে অসমৰ কেঁচা মাটিৰে নিৰ্মাণ কৰে এই প্ৰতীকী চিহ্নটো ।

উল্লেখ্য যে, বৃহস্পতিবাৰে লাভলীনা অসমত আহি উপস্থিত হয় । গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বক্সাৰগৰাকী উপস্থিত হোৱাৰ পাচতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁ আদৰণি জনায় । ফুলাম গামোচা, ফুলৰ থোপাৰে মাতৃভূমিলৈ আদৰণি জনোৱা হয় বক্সাৰগৰাকীক । লাভলীনা বৰগোঁহায়ে আজি সন্ধিয়া ৰাজ্যপালকো সাক্ষাৎ কৰিব ।

লগতে পঢ়ক:গোলাঘাটত বক্সিং ষ্টেডিয়াম বিচাৰি ক্ৰীড়া মন্ত্ৰীলৈ চিঠি অজিত ভূঞাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.