ETV Bharat / state

নৃত্য গীতেৰে মুখৰিত এটা ক’ভিড কেয়াৰ কেন্দ্ৰ

author img

By

Published : May 28, 2021, 7:44 PM IST

ক’ভিড ১৯ ক লৈ চৌদিশে বিৰাজমান আতংকময় পৰিৱেশ । কিন্তু ইয়াৰ বিপৰীতে নগাঁৱত আছে এটা ব্যতিক্ৰমী ক’ভিড কেয়াৰ কেন্দ্ৰ । কেৱল ক’ভিড আক্ৰান্ত মহিলাৰ বাবে স্থাপন কৰা নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় ক’ভিড কেয়াৰ কেন্দ্ৰটোত বৰ্তমান আছে ৫৫ গৰাকীকৈ ক’ভিড আক্ৰান্ত মহিলা । আনকি ক’ভিড কেয়াৰ কেন্দ্ৰটোত মহামাৰী ক’ভিড ১৯ ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে ৬০ ৰ উৰ্ধৰ কেইবাগৰাকী আইতাই।

নৃত্য গীতেৰে মুখৰিত এটা ক’ভিড কেয়াৰ কেন্দ্ৰ
নৃত্য গীতেৰে মুখৰিত এটা ক’ভিড কেয়াৰ কেন্দ্ৰ

নগাঁও, 28মে’: নগাঁৱৰ এটা ব্যতিক্ৰমী ক’ভিড কেয়াৰ কেন্দ্ৰ । কেৱল মহিলাৰ বাবে স্থাপন কৰা ক’ভিড কেয়াৰ কেন্দ্ৰটোত আছে ৬০ উৰ্দ্ধৰ বহুকেইগৰাকী আইতা । য'ত বিভীষিকাৰ বিপৰীতে চলে মনোৰঞ্জন। পি পি ই কীট পৰিধান কৰি স্বাস্থ্য কৰ্মীৰ নৃত্য প্ৰদৰ্শনৰে ক’ভিড আক্ৰান্ত মহিলাক মনোৰঞ্জন দিয়াৰ চেষ্টা। প্ৰতিটো মুহূৰ্ততে প্ৰতিজন ৰোগীৰ কাষত থাকে স্বাস্থ্য কৰ্মী।

নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় ক’ভিড কেয়াৰ কেন্দ্ৰত বৰ্তমান আছে ৫৫ গৰাকীকৈ ক’ভিড আক্ৰান্ত মহিলা । আনকি ক’ভিড কেয়াৰ কেন্দ্ৰটোত মহামাৰী ক’ভিড ১৯ ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে ৬০ ৰ উৰ্দ্ধৰ কেইবাগৰাকীয়ো আইতাই।

পি পি ই কীট পৰিধান কৰি নৃত্য প্রদর্শন কৰে স্বাস্থ্য কৰ্মীয়ে । ক’ভিড আক্ৰান্ত মহিলাক মনোৰঞ্জন প্ৰদানৰ উদ্দেশ্যে স্বাস্থ্য কৰ্মীয়ে এনেদৰে দৈনিক প্ৰদৰ্শন কৰে নৃত্য। ক’ভিড আক্ৰান্ত মহিলাসকলক ভয়, আতংকৰ বিপৰীতে মনোৰঞ্জন প্ৰদানৰ উদ্দেশ্যে বিভিন্ন সাংস্কৃতিক অনুষ্ঠানও চলি থাকে কোভিড কেয়াৰ কেন্দ্ৰটোত ।

ক’ভিড কেয়াৰ কেন্দ্ৰটোত নডেল বিষয়া ডাঃ ৰঞ্জিত শইকীয়াৰ নেতৃত্বত এটা চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ দল নিয়োজিত হৈ আছে। ডাঃ ধীৰাজ দাস, ডাঃ কস্তুৰী পাল, ডাঃ হাফিজ উদ্দিন আহমেদ আৰু ডাঃ ৰূপম ইংতিৰ লগতে পল্লৱী বৰা, মজিদা বেগম আৰু ৰুকচানা নামৰ নাৰ্চে প্ৰতিটো মুহূৰ্তত সেৱা আগবঢ়াইছে ক’ভিড কেন্দ্ৰটোত থকা মহিলাসকলক ।

লগতে ফাৰ্মাচিষ্ট হিচাপে অমৰজ্যোতি বৰুৱা, ডিকু ডেকা আৰু আনোৱাৰ হুছেইনেও সেৱা আগবঢ়াইছে ক’ভিড আক্ৰান্ত মহিলাসকলক । নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ সুৰজিত ভাগৱতীয়ে নিজে তদাৰক কৰি থকা ক’ভিড কেয়াৰ কেন্দ্ৰটোত মহাবিদ্যালয়ৰ কেইবাগৰাকী অধ্যাপকৰ লগতে কৰ্মচাৰীকো নিয়োগ কৰিছে।

চৰকাৰী বহু ক’ভিড কেয়াৰ কেন্দ্ৰৰ বিৰুদ্ধে নানা অভিযোগ উত্থাপন হোৱাৰ সময়ত নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয় ক’ভিড কেয়াৰ কেন্দ্ৰৰ পৰিস্কাৰ পৰিচন্নতাৰ লগতে ক’ভিড আক্ৰান্তক প্ৰদান কৰা সেৱাৰ বাবে এতিয়া চৰ্চিত হৈছে এই ক’ভিড কেয়াৰ কেন্দ্ৰটো।

প্ৰতিটো মূহুৰ্ততেই ক’ভিড আক্ৰান্তক সেৱা আগবঢ়োৱাৰ লগতে নৃত্য গীতেৰে মনোৰঞ্জন প্ৰদান কৰিত ৰোগীৰ মনোবল বৃদ্ধি কৰাত নিশ্চিতভাৱেই সহায়ক হ'ব । ক’ভিড কেয়াৰ কেন্দ্ৰটোত মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে চিকিৎসক স্বাস্থ্য কৰ্মীয়ে আগবঢ়োৱা সেৱা সঁচাই প্ৰশংসনীয় ৷

লগতে পঢ়কঃ হাতত বেলছা-পাচি লৈ মথাউৰি নিৰ্মাণত ব্যস্ত বিধায়ক অমিয় কুমাৰ ভূঞা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.